গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকী উপলক্ষে কটন বিশ্ববিদ্যালয়ত বিশেষ অনুষ্ঠান...

৩১ আগষ্টত বিশিষ্ট সমাজবাদী ৰাজনীতিক, ট্রেড ইউনিয়ন নেতা, স্বাধীনতা যুঁজাৰু, প্রাক্তন মুখ্যমন্ত্রী আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গোলাপ বৰবৰাৰ জন্ম শতবর্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচীৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
eeeee

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৩১ আগষ্টত বিশিষ্ট সমাজবাদী ৰাজনীতিক, ট্রেড ইউনিয়ন নেতা, স্বাধীনতা যুঁজাৰু, প্রাক্তন মুখ্যমন্ত্রী আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গোলাপ বৰবৰাৰ জন্ম শতবর্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচীৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেওবাৰে বিয়লি ৩:৩০ বজাত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি 'গোলাপ বৰবৰা জন্ম শতবার্ষিকী স্মাৰক বক্তৃতা'ৰ লগতে এখনি স্মৃতিগ্ৰন্থ আৰু বৰবৰা দেৱৰ ৰচিত প্রকাশিত আৰু অপ্রকাশিত ৰচনাৱলীৰ গ্ৰন্থৰূপ উন্মোচনৰ দিহা কৰা হৈছে। "সমাজবাদী আন্দোলন আৰু আজিৰ ভাৰতবৰ্ষত সমাজবাদৰ প্ৰাসংগিকতা" শীর্ষক স্মাৰক বক্তৃতাটো প্রদান কৰিব বিশিষ্ট সমাজবাদী, ৰাজনৈতিক বিশ্লেষক আৰু লেখক যোগেন্দ্ৰ যাদৱে।

আনহাতে, স্মৃতিগ্রন্থ আৰু গোলাপ বৰবৰাৰ ৰচনাৱলীৰ গ্ৰন্থৰূপ আনুষ্ঠানিকভাবে উন্মোচন কৰিব জিএনআৰচিৰ অধ্যক্ষ ডাঃ নোমল বৰা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° উদয়ন মিশ্রই। 

গোলাপ বৰবৰা