/asomiyapratidin/media/media_files/2025/09/11/new-ap-web-4-17-2025-09-11-09-58-14.jpg)
ডিজিটেল সংবাদ,গোলকগঞ্জঃ বুধবাৰে নিশা গোলকগঞ্জত আৰক্ষীয়ে লাঠিচাৰ্জ কৰাত কেবাগৰাকী প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হয়। এই ঘটনাৰ পিছতে আক্ৰাছুৱে ১২ ঘন্টীয়া ধুবুৰী জিলা বন্ধৰ ঘোষণা কৰে। বন্ধৰ সময়ছোৱাত জিলা আক্ৰাছুৰ নেতৃত্বত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাকামাত, সাপটগ্ৰামত পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে একাংশই ।
আনহাতে, বুধবাৰে মাজ নিশা গোলকগঞ্জত উপস্থিত হয় ধুবুৰীৰ জেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে। আৰক্ষী অধীক্ষক গৰাকীৰ বাহন ৰখাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৱে। লীনা দলে হায় হায়, লীনা দলে মুৰ্দাবাদ, লীনা দলে গো বেক ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে।
উল্লেখ্য যে, কালি সন্ধিয়াৰ ভাগত গোলকগঞ্জত আক্ৰাছুৱে জোঁৰ সমদল কৰিছিল। জোৰ সমদলত বাধা আৰোপ কৰা উদ্দেশ্যে আৰক্ষী, চিআৰপিএফ আৰু কামাণ্ডো নিয়োগ কৰিছিল ধুবুৰী জিলা আৰক্ষীয়ে।
প্ৰতিবাদকাৰী সকল গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ পৰা গোলকগঞ্জ বজাৰ অভিমূখে আগবাঢ়িব ধৰোতে আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল। পৰিস্থিত ক্ৰমাত গম্ভীৰ হৈ পৰাত আৰক্ষী আৰু চিআৰপিএফে লাঠিচাৰ্জ কৰে।
ফলস্বৰূপে অৰ্ধশতাধিক আক্ৰাছু নেতা কৰ্মীকে ধৰি পুৰুষ মহিলা আহত হয়। আহত সকলক সংকটজনক অৱস্থাত গোলকগঞ্জ চিকিৎসালয়ত নিয়া হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কেৱাজনকো ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে।