গোলকগঞ্জত যুৱকৰ মৃতদেহ উদ্ধাৰ...

যুৱক জনক কোনোবাই হত্যা কৰি পেলাই থোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। এক্ৰামুল হকে ওচৰৰে ধাননি পথাৰৰ মাজত মাছ মাৰিবলৈ গৈছিল। তাৰ পিচৰ পৰাই এক্ৰামূলৰ কোনো সন্ধান পৰিয়ালৰ লোকে পোৱা নাছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধুবুৰী: গোলকগঞ্জৰ উচিতাত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। যুৱক জনক কোনোবাই হত্যা কৰি পেলাই থোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। উদ্ধাৰ হোৱা মৃতদেহটোক পিচত উচিতা গাঁৱৰ ছামাদ আলীৰ পুত্ৰ এক্ৰামুল হক (২২) বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় সূত্ৰত পোৱা খবৰ অনুসৰি যোৱা নিশা এক্ৰামুল হকে ওচৰৰে ধাননি পথাৰৰ মাজত মাছ মাৰিবলৈ গৈছিল। তাৰ পিচৰ পৰাই এক্ৰামূলৰ কোনো সন্ধান পৰিয়ালৰ লোকে পোৱা নাছিল। আজি দুপুৰীয়া পথাৰৰ মাজত যুৱক জনৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে।

গোলকগঞ্জ আৰক্ষীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।মৃতদেহটোৰ ডিঙিত আৰু মূৰত আঘাতৰ চিহ্ন থকা বুলি ৰাইজে অভিযোগ কৰিছে।

গোলকগঞ্জ