/asomiyapratidin/media/media_files/2025/11/19/new-ap-web-3-26-2025-11-19-13-06-14.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ শীতৰ আগমণৰ লগে লগে আৰম্ভ হয় বনভোজৰ বতৰ। এই সময়ছোৱাত দেখিব পোৱা যায় বিভিন্ন পয্যটনস্থলী সমূহত পৰ্যটকৰ ভিৰ। সকলোৱে এক হৈ এনেদৰেই এতিয়া শীতক আদৰিছে। বিভিন্ন ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিজন লোক।
উল্লেখ্য যে গোলাঘাটৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে কাৰ্বি আংলংৰ নামবৰ অভয়াৰণ্যত আছে গৰম পানীৰ উহ। এই উহটো কাৰ্বি আংলংৰ কতৃপক্ষই পয্যটনস্থলীত গৰম পানী উহটো পর্যটকৰ দৰ্শনৰ বাবে মুকলি কৰিছে।
তাৰোপৰি উহটোৰ কাষতে ধনশিৰি নদীৰ ওপৰত নামবৰ অভয়াৰণ্যলৈ যাৰ বাবে আছে ওলমা দলং আছে ৷ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ এই স্থানলৈ ইতিমধ্যে পৰ্যটকৰ আগমন বৃদ্ধি পাইছে ৷ বিভিন্ন ঠাইৰ পৰা আহি ভিৰ কৰিছে লোকসকলে। প্ৰতিজন লোকে এই স্থানত আহি প্ৰকৃতিৰ লগত বিলীন হৈ পৰিছে।
আনফালে কাৰ্বি আংলংৰ নামবৰ অভয়াৰণ্যত থকা গৰম পানীৰ উহৰ চৌপাশটো সুন্দৰকৈ পৰিস্কাৰ-পৰিচ্ছন্নতাৰে সজাই তোলাও পৰিলক্ষিত হৈছে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us