ইনষ্টাগ্ৰামত ধনদাবীঃ ৩০০০ হাজাৰ টকাৰ বাবেই গোলাঘাটত প্ৰাণ গ'ল এজন ছাত্ৰৰ

মঙলবাৰে বিয়লি গোলাঘাট জিলাৰ বেঙেনাখোৱা অঞ্চলত এখন বাঁহঁনিত নৱম শ্ৰেণীত অধ্যয়নৰত শ্লোক মল্লিক নামৰ এজন কিশোৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাত সমগ্ৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
GHREFEFEFDEFDF

ডিজিটেল সংবাদ, গোলাঘাটঃ মঙলবাৰে বিয়লি গোলাঘাট জিলাৰ বেঙেনাখোৱা অঞ্চলত এখন বাঁহঁনিত নৱম শ্ৰেণীত অধ্যয়নৰত শ্লোক মল্লিক নামৰ এজন কিশোৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাত সমগ্ৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, তিনিজন নাবালকে পৰিকল্পিতভাৱে শ্লোক মল্লিকক ঘৰৰ পৰা কৌশলেৰে লৈ গৈ বেঙেনাখোৱালৈ আহিছিল। তাতেই ছাত্ৰজনক হত্যা কৰি মৃতদেহ বাঁহঁনিত পেলাই পলায়ন কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।

জানিব পৰা মতে, ইনষ্টাগ্ৰামৰ যোগেদি বাইক ক্ৰয়ৰ বাবে অভিজিৎ দাসে শ্লোক মল্লিকৰ পৰা প্ৰায় ৩ হাজাৰ টকাৰ দাবী কৰিছিল। এই ধনৰ লেনদেনৰ বিষয়টোৰ পৰিপ্ৰেক্ষিততেই ছাত্ৰজনক হত্যা কৰা হৈছে বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি, ছাত্ৰজনৰ দেহত থকা সোণৰ আঙুঠি আৰু লকেটো অভিযুক্ত তিনিজনে চুৰি কৰি লৈ যায়।

ইফালে, এজন অভিযুক্ত নাবালকে ছাত্ৰজনক ঘটনাস্থলীলৈ লৈ যোৱা বুলি কেমেৰাৰ আগত স্বীকাৰোক্তি দিয়া বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া চলাই আছে। এই হৃদয়বিদাৰক ঘটনাই গোলাঘাটৰ সমাজ জীৱনক গভীৰভাৱে জোকাৰি গৈছে। দোষীক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছে পৰিয়ালসহ গোলাঘাটবাসীয়ে। 

গোলাঘাট