এৰাবাৰীত পৰিণত গোলাঘাটৰ থোৰামুখৰ সাহিত্য মণিষী উদ্যান

গোলাঘাট জিলাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিতে আছে বনবিভাগে স্থাপন কৰা সাহিত্য মণিষী উদ্যানখন ৷

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24park

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিতে আছে বনবিভাগে স্থাপন কৰা সাহিত্য মণিষী উদ্যানখন ৷ পূৰ্বতে এই স্থানত কেম্পা নাৰ্চাৰী স্থাপন কৰা হৈছিল যদিও ২০২০ চনৰ জুলাই মাহত সেই সময়ৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই  উদ্যানখনৰ চাইনবৰ্ডখন সলনিকৰি জাতীয় সংগীত লিখি সাহিত্য মণিষী উদ্যানলৈ ৰূপান্তৰিত ঘটাই ধামধুমেৰে শুভ উদ্বোধন কৰিছিল ৷

বিভিন্ন জাতৰ উদ্ভিদ ৰোপন কৰি প্ৰতিজোপা গছৰ নামলিখি ফলক আৰি দিয়া হৈছিল ৷  কোটি কোটি টকা ব্যয় কৰা হৈছিল বুলি জানিবপৰা গৈছে ৷ কিন্ত এতিয়া উদ্যান খনৰ অৱস্থা তথৈবচ ৷ এটা অংশ এটা এনজিঅ’ক দিয়া হ’ল ৷

আনটো অংশত এতিয়া অপতৃণ আৰু তলসৰা গছপাতেৰে ভৰি পৰিছে ৷ জাতীয় সংগীতৰ আৰু নামফলকৰও চিঞাহী মচ খালে ৷ নাই কোনো আপদাল ৷ পানীৰ অভাৱত গছপুলিবোৰ শুকাই মৰিযোৱাৰ উপক্ৰম হৈছে ৷

এই উদ্যানখন চোৱাচিতাৰ বাবে কাষৰে এজন লোকক কৌশলেৰে দায়িত্ব দিয়া হৈছে যদিও কেইবামাহো বেতন নোপোৱাৰ বাবে কৰ্মচাৰীজনেও কামৰ প্ৰতি পিঠি দিয়া দেখা গৈছে ৷  এতিয়া প্ৰশ্ন হয় উদ্যানখন চোৱাচিতাৰ বাবে অহা লাখ লাখ টকা ক’ত যায় ? কাৰজেপত সোমায় বনবিভাগৰ উদ্যানখনৰ টকাবোৰ ৷ ইয়াৰ এক উচিত তদন্ত হ’লে গোমৰফাঁক বাহিৰ হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে ৷

golaghat