/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-new-format-copy-10.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট চহৰৰ সমীপৱৰ্তী চেলেঙীত শনিবাৰে খাদ্যত বিষক্ৰিয়া হৈ ১৫ জনৰো অধিক লোক চিকিৎসাধীন হ'ব লগা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা অনুসৰি গোলাঘাটৰ চেলেঙীৰ দীপক ফুকনৰ ঘৰত নাম প্ৰসংগৰ অন্তত একাংশই চিৰা-দৈ আৰু মাহ প্ৰসাদ খাইছিল ৷
আৰু একাংশই ভাত খাইছিল ৷ ইয়াৰ পিছতেই চিৰা দৈ খোৱা সকল অসুস্থ হৈ পৰে। অসুস্থ সকলক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।বিষক্ৰিয়াত আক্ৰান্ত হোৱাসকলৰ একাংশ হ'ল অনিপ্ৰভা ফুকন, ৰনজিত ফুকন, নিত্যা ফুকন, মৃদু ফুকন, এজন ৮০ বছৰীয়া বৃদ্ধ সুনাবৰ গগৈ (পাঠেক) ইয়াৰ মাজতে আছে এজন ১০ বছৰীয়া শিশু মৃদু ফুকন ৷ইয়াৰে ১০ গৰাকীৰ অৱস্থা সংকটজনক ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us