হৰি নামেৰে মুখৰিত গোলাঘাটৰ শ্ৰী শ্ৰী বৰকছাৰী অভয়পুৰীয়া নামঘৰৰ প্ৰাংগণ...

ঘিলাধাৰী,মৌখোৱা,আঠগাঁও,কছাৰীহাট আৰু দক্ষিণহেঙেৰাকে ধৰি ৫ খন মৌজাৰ ৰাইজৰ উদ্যোগত আৰু আতিথ্যত ৪ দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বৰকছাৰী অভয়পুৰীয়া নামঘৰত অনুষ্ঠিত হৈছে অষ্টাদশ বাৰ্ষিক দক্ষিণ পূৱ গোলাঘাট কেন্দ্ৰীয় পালনাম। 

author-image
Asomiya Pratidin
New Update
dnt delete copy

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ হৰি নামেৰে মুখৰিত হৈ পৰিছে গোলাঘাটৰ শ্ৰী শ্ৰী বৰকছাৰী অভয়পুৰীয়া নামঘৰৰ প্ৰাংগণ। 
ঘিলাধাৰী,মৌখোৱা,আঠগাঁও,কছাৰীহাট আৰু দক্ষিণহেঙেৰাকে ধৰি ৫ খন মৌজাৰ ৰাইজৰ উদ্যোগত আৰু আতিথ্যত ৪ দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বৰকছাৰী অভয়পুৰীয়া নামঘৰত অনুষ্ঠিত হৈছে অষ্টাদশ বাৰ্ষিক দক্ষিণ পূৱ গোলাঘাট কেন্দ্ৰীয় পালনাম। 

উল্লেখ্য যে-  এই পালনামলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভকত-বৈষ্ণৱৰ আগমন ঘটাত দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে শ্ৰী শ্ৰী বৰকছাৰী অভয়পুৰীয়া নামঘৰ। পহিলা দিনা পুৱা ঊষা কীৰ্ত্তন,ধৰ্ম ধ্বজা উত্তোলনৰ পাছতে হিয়া আমঠু জুবিন গাৰ্গ আৰু ড°ভূপেন হাজৰিকালৈ ভকত-বৈষ্ণৱে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পাছতে পালনামৰ মহাত্ম্য আৰু সামাজিক উত্তৰণত নৱপ্ৰজন্মৰ আধ্যাত্মিক চিন্তাধাৰাৰ প্ৰভাৱ শীৰ্ষক ধৰ্মালোচনী সভা অনুষ্ঠিত হয়৷

গোলাঘাট