'সাংবাদিক জীৱনৰ দুঃসাহসী অভিযান' গ্ৰন্থ উন্মোচন

স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনৰ সভাপতি তথা প্ৰয়াত বিকাশ শৰ্মাৰ জ্যেষ্ঠ ভ্ৰাতৃ প্ৰকাশ শৰ্মাই আঁত ধৰা সভাৰ আৰম্ভণিতে সমাজ সেৱিকা জীনা বৰুৱাৰ নেতৃত্বত এটা দলে সমবেত সংগীত পৰিৱেশন কৰে ৷

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ বিগত বৰ্ষত মৃত্যুবৰণ কৰা জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ দ্বাৰা ৰচনাকৰা  জীৱনৰ অন্তিমখন গ্ৰন্থ “সাংবাদিক জীৱনৰ দুঃসাহসী অভিযান নামৰ গ্ৰন্থ খন গোলাঘাটৰ এমেচাৰ চ’চাইটি প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় ৷

WhatsApp Image 2025-12-07 at 4.42.07 PM (1)

বিশিষ্ট বোলছবি পৰিচালক তথা শিক্ষাবিদ দীনেশ গগৈ আৰু অসম ৰাজ্যিক সাংবাদিক সংস্থাৰসভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আৰম্ভণিতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই বন্তী প্ৰজ্বালন কৰে নুমলীগড় তেল শোধনাগাৰৰ মুখ্য প্ৰৱন্ধক ড°কাজল শইকীয়া,শিক্ষাবিদ দিলীপ শৰ্মা,ৰেৱকান্ত শইকীয়া,তিলেশ্বৰ তামুলী আদিয়ে বিশিষ্ট ব্যক্তিৰ আসন শুৱনি কৰে ৷ 

WhatsApp Image 2025-12-07 at 4.42.07 PM

উল্লেখ্য যে, স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনৰ সভাপতি তথা প্ৰয়াত বিকাশ শৰ্মাৰ জ্যেষ্ঠ ভ্ৰাতৃ প্ৰকাশ শৰ্মাই আঁত ধৰা সভাৰ আৰম্ভণিতে সমাজ সেৱিকা জীনা বৰুৱাৰ নেতৃত্বত এটা দলে সমবেত সংগীত পৰিৱেশন কৰে ৷ এই সভাত প্ৰয়াত বিকাশ শৰ্মাৰ পৰিয়ালবৰ্গ তথা ৯৯ বছৰ বয়সীয়া পিতৃ হেমকান্ত শৰ্মা উপস্থিত আছিল ৷

গোলাঘাট