/asomiyapratidin/media/media_files/2025/12/28/mdmd-2025-12-28-18-10-13.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ চাৰিঙীয়া স্বাস্থ্য খণ্ডৰ অধীনত শালমৰা চাহ বাগিচাত আজি দিনৰ ১২ বজাত খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মৃণাল শইকীয়াই স্বাস্থ্যৱান শ্ৰমিক যোজনাৰ উদ্বোধন কৰে। চাহ বাগিচা সমূহত বসবাস কৰা জনগণৰ সুস্বাস্থ্যৰ হকে সুলভ আৰু গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে এক সাৰ্বজনীন স্বাস্থ্য পৰীক্ষা ব্যৱস্থাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে।
ৰাজ্যৰ মুঠ ২০ খন চাহ বাগিচাত এই অভিলাষী আঁচনি আৰম্ভ কৰিছে। এই আচঁনিৰ ৰাজ্যিক পৰ্যায়ৰ উদ্ধোধন অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ডিব্ৰুগড় জিলাৰ জুটলিবাৰী চাহ -বাগিচাত ২৭ ডিচেম্বৰত সম্পন্ন কৰে।
শালমৰা চাহ বাগিচা চিকিৎসালয় প্ৰাংগনত অনুষ্ঠিত উদ্ধোধন অনুষ্ঠানৰ লগত সংগতি ৰাখি গোলাঘাটৰ স্বাস্থ্য বিভাগে এক স্বাস্থ্য পৰীক্ষা শিবিৰ শালমৰা বাগান চিকিৎসালয়ৰ পৰিসৰত অনুষ্ঠিত কৰে। স্বাস্থ্য পৰীক্ষা শিবিৰত সংক্ৰমিত তথা অসংক্ৰমিত ৰোগ যেনে জ্বৰ, কাঁহ, উচ্চ ৰক্তচাপ, মধুমেহ, এনিমিয়া আদিৰ পৰীক্ষা কৰাৰ উপৰিও উপস্থিত স্থানীয় ৰাইজৰ আভা নম্বৰ সৃষ্টি কৰা হয়।
অনুষ্ঠানত বিধায়ক প্ৰমুখ্যে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ৰাজীৱ ৰঞ্জন গগৈ, গোলাঘাট জিলা শাখাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ঘনশ্যাম বাঢ়ৈ, শালমৰা চাহ বাগিচাৰ পৰিচালক গিৰিধাৰি লাল শৰ্মা, বাগিচা চিকিৎসা পৰিদৰ্শক ডা: অপূৰ্ব শৰ্মা, চাৰিঙীয়া স্বাস্থ্য খণ্ডৰ মহকুমা চিকিৎসা বিষয়া ডা: দিলীপ ৰাজবংশী, শালমৰা বাগিচাৰ চিকিৎসক ডা: অক্ষেন্দ্ৰ গোস্বামীকে আদি কৰি বাগিচা কতৃপক্ষৰ উচ্চতম বিষয়া, স্বাস্থ্য বিভাগৰ বিষয়া - কৰ্মচাৰী, সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত পোষণ অভিযানৰ বিষয়া, বিভিন্ন চাহ বাগিচা সংগঠনৰ মূল সদস্যসকল, আশা কৰ্মী তথা স্থানীয় ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us