/asomiyapratidin/media/media_files/2026/01/26/ddssdsd-2026-01-26-22-00-19.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ গোলাঘাট জিলাৰ মৰঙিৰ মৌজাৰ দৈগ্ৰোং অঞ্চলৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পদপথ নিৰ্মাণৰ নামত ঠিকাদাৰ এম. পি. আগৰৱালা আৰু তেখেতৰ ঠিকাদাৰী প্ৰতিষ্ঠানে সৃষ্টি কৰা এক ভয়ংকৰ মৰণফাণ্ডে সাধাৰণ ৰাইজৰ জীৱনলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।
আধৰুৱা পদপথ আৰু খোলা নলাত পৰি ইতিমধ্যে কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ৰাইজৰ এই সমস্যাক লৈ আজি স্থানীয় সচেতন যুৱক তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ সভাপতি পিণ্টু গগৈয়ে নুমলীগড় গ্ৰাম্য আৰক্ষী থানাত এম. পি আগৰৱালা আৰু তেখেতৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে এজাহাৰ দাখিল কৰে।
অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ পদপথ নিৰ্মাণকাৰ্য অসম্পূৰ্ণ অৱস্থাত এৰি থোৱাৰ ফলত বৃহৎ নলাসমূহ মুক্ত অৱস্থাত আছে। নলাসমূহত কোনো বেৰিকেড, কোনো সতৰ্কবাণী বোৰ্ড বা নিৰাপত্তামূলক ব্যৱস্থা নথকাৰ বাবেই একেৰাহে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় ৰাইজৰ অভিযোগ - এই পথটো এতিয়া পদপথ নহয়, ই এটা মৃত্যুৰ ফাণ্ডলৈ পৰিণত হৈছে।
উল্লেখ্য যে, কালি স্থানীয় জেষ্ঠ ব্যক্তি থানেশ্বৰ গগৈ নামৰ প্ৰায় ৭০ উৰ্ধৰ এজন বৃদ্ধ ব্যক্তি উক্ত খোলা নলাত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ দুদিন পূৰ্বেও মিঠাআম চাপৰি গাঁৱৰ এগৰাকী কৃষক মহিলা লগতে একাধিক সাধাৰণ পথচাৰীয়ে এই মৰণফাণ্ডত পৰি যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা ঘটনা সংঘটিত হৈছে, কিন্তু বৰ্তমানলৈকে ঠিকাদাৰী প্ৰতিষ্ঠান বা প্ৰশাসনৰ ফালৰ পৰা কোনো দায়িত্বশীল ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
এই সন্দৰ্ভত ছাত্ৰ নেতা পিণ্টু গগৈয়ে তীব্ৰ ভাষাত মন্তব্য কৰি কয় — “ঠিকাদাৰ এম. পি. আগৰৱালাই নিৰ্মাণকাৰ্যৰ নামত ৰাজহুৱা পদপথক মৃত্যুৰ ফাণ্ডলৈ পৰিণত কৰিছে। বেৰিকেড নিদিয়া, সতৰ্কবাণী নলগোৱা আৰু আধৰুৱা কাম এৰি থোৱাটো কেৱল অবহেলা নহয়, ই স্পষ্ট অপৰাধ গতিকে এই অপৰাধৰ বাবে উক্ত ঠিকাদাৰী প্ৰতিষ্ঠানক ব্লেক লিষ্টেড কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ আৰু ইয়াৰ ফলত যিকোনো সময়তে হ'ব পৰা ডাঙৰ দুৰ্ঘটনাৰ বাবে একমাত্ৰ এম. পি আগৰৱালা, স্থানীয় প্ৰশাসন আৰু ঠিকাদাৰী প্ৰতিষ্ঠানেই দায়ী হ'ব।”
ইফালে বাতৰি লিখা সময়লৈকে নুমলীগড় আৰক্ষীয়ে ঠিকাদাৰ মহাবীৰ প্ৰসাদ আগৰৱালাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন নকৰা বিষয়টো লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভ আৰু সন্দেহৰ সৃষ্টি হৈছে। ৰাইজে অভিযোগ কৰিছে যে, আৰক্ষী আৰু আগৰৱালা ঠিকাদাৰী প্ৰতিষ্ঠানৰ মাজত গোপন বুজাবুজিৰ বাবেই এজাহাৰ দাখিল হোৱাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো গোচৰ পঞ্জীয়ন হোৱা নাই। এই নীৰৱতাই আৰক্ষীৰ ভূমিকাক লৈ গভীৰ প্ৰশ্ন উত্থাপন কৰিছে।
এই প্ৰসংগত পিণ্টু গগৈয়ে স্পষ্টভাৱে সকীয়নি দি কয় —“যদি শীঘ্ৰেই গোচৰ পঞ্জীয়ন কৰি দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আদালতৰ দ্বাৰস্থ হ’বলৈ বাধ্য হ’ব। ৰাইজৰ জীৱনৰ সৈতে খেলা কোনো ঠিকাদাৰ বা কোনো ক্ষমতাশালী লোকক কেতিয়াওঁ ৰেহাই দিয়া নহ’ব।”
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঠিকাদাৰ আৰু বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ আৰু অবিলম্বে আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰা, অসম্পূৰ্ণ কাম সমূহত বেৰিকেড দিয়া, ৰাজহুৱা সতৰ্কবাণী বোৰ্ডৰ ব্যৱস্থা কৰা আৰু এই পদপথৰ মৰণফাণ্ডত পৰি আঘাতপ্ৰাপ্ত হোৱা আটাইকে ক্ষতিপূৰণ সহ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us