'বিজ্ঞানমনস্ক যাত্ৰা'ৰ গোলাঘাট জিলা সমিতি গঠন...

সৰু সৰু অন্ধবিশ্বাসে ডাঙৰ ডাঙৰ কু -সংস্কাৰৰ ভেটী গঢ়ি তোলে  ৷  অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সমূহৰ বিৰুদ্ধে মাত মাতি সমাজত বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে

author-image
Asomiya Pratidin
New Update
ijij.

ডিজিটেল সংবাদ, গোলাঘাটঃ  সৰু সৰু অন্ধবিশ্বাসে ডাঙৰ ডাঙৰ কু -সংস্কাৰৰ ভেটী গঢ়ি তোলে  ৷  অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সমূহৰ বিৰুদ্ধে মাত মাতি সমাজত বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে গঠিত হোৱা "বিজ্ঞানমনস্ক যাত্ৰা" নামৰ সংগঠনটিয়ে দেওবাৰে গোলাঘাট চহৰত অৱস্থিত ইউনাইট চেম্বৰ্চ অৱ কমাৰ্ছৰ প্ৰেক্ষাগৃহত।

Advertisment

যাত্ৰাৰ সংঘ সংগীতেৰে আৰম্ভণি কৰা সভা খন  তিলেশ্বৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত সভাত চৌধুৰীয়ে অন্ধবিশ্বাসৰ কেইটামান উদাহৰণ দি ৰাইজক সজাগ কৰে ৷ গতিকে বিজ্ঞান মনস্ক যাত্ৰাই সদায়ে এনে বিষয়ত জনসাধাৰণক সজাগ কৰি যাব ৷

ক’ভিড কালত ফেচবুকৰ জৰিয়তে গঠন হোৱা সংগঠন টোৱে পৰৱৰ্তীকালত ১০ খন জিলা সমিতি গঠন কৰিলে বুলি তেওঁ ৰাইজক জানিবলৈ দিয়ে ৷ সভাতআদৰণি ভাষণ ৰাখে কমাৰবন্ধাৰ হৰেণ শইকীয়াই। দেৰগাঁৱৰ মৃগেন বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ পিছতে যাত্ৰাৰ প্ৰস্তাৱনা পাঠ কৰে স্থানীয় শিক্ষয়িত্ৰী জুৰি সন্দিকৈয়ে। কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি হামজা চৌধুৰীয়ে সংগঠনটোৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে ৰাইজক অৱগত কৰি মনোগ্য ভাষণ দিয়ে ৷

ইয়াৰ পিছতে উপস্থিত সকলে প্ৰস্তাৱণাৰ ওপৰত আলোচনা আগবঢ়াই নিজা নিজা অঞ্চলত প্ৰচলিত হৈ থকা বিভিন্ন ধৰণৰ অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু ক্ষতিকাৰক পৰম্পৰা সমূহৰ বিষয়ে অৱগত কৰে আৰু এইবোৰ কিদৰে আঁতৰ কৰিব পাৰি সেইবিষয়ে বক্তব্য দাঙি ধৰে। 

 তেওঁলোকে ভাষণৰ পিছত সৰ্বসন্মতিক্ৰমে উত্থাপিত প্ৰস্তাৱনা খন গ্ৰহণ কৰা হয়। সভাত ড°সুশেল তামুলীক সভাপতি,তিলেশ্বৰ বৰা , আক্ৰাম হুছেইন, বৰ্ণালী শৰ্মা ; পল্লৱ বৰবৰা , অমৃত কুমাৰ নাথক উপসভাপতি , হৰেণ শইকীয়াক কায্যকৰী সভাপতি ; জুৰি সন্ধিকৈক সাধাৰণ সম্পাদক ,সৰ্বেশ্বৰ বৰা আৰু আদিত্য শইকীয়াক সহকাৰী সম্পাদক হিচাপে লৈ সংগঠনটোৰ গোলাঘাট জিলা সমিতি গঠন কৰা হয়। নৱগঠিত সমিতি খনক বিভিন্ন জিলাৰপৰা অহা প্ৰতিনিধি সকলে আদৰণি জনায় ৷

আজিৰ এই সাধাৰণ সভাত যোৰহাট জিলা, বিশ্বনাথ জিলাৰ উপৰিও গোলাঘাট জিলাৰ গোলাঘাট চহৰ, বোকাখাত, দেৰগাঁও, মেৰাপানী, সৰুপথাৰকে আদি কৰি বিভিন্ন ঠাইৰ প্ৰায় শতাধিক সমাজ সচেতন প্ৰগতিশীল, যুক্তিবাদী তথা বিজ্ঞানমনস্ক ব্যক্তি উপস্থিত থাকে। ইয়াৰ উপৰিও বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীৰ উপস্থিতিয়ে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী এই যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰি সকলোকে উৎসাহিত কৰি তোলে

অসম