/asomiyapratidin/media/media_files/2026/02/15/whatsapp-imag-2026-02-15-08-32-39.jpeg)
ডিজিটেল ডেস্কঃ গোলাঘাটৰ বনগাঁও চ'লা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত চৰাই বান্ধৱ, অসম; গ্ৰাছ, বোকাখাত আৰু আশ্ৰয়, দেৰগাঁৱৰ উদ্যোগত ১৬ খন বিদ্যালয়ৰ সহযোগত কেন্দ্ৰীয় ভাৱে দ্বিতীয় বাৰৰ বাবে “চৰাই বাহ সুৰক্ষা দিৱস” উদযাপন কৰে ৷ ইয়াৰ উপৰিও মাজুলী জিলাৰ কমলাবাৰী একাডেমীত পৰিৱেশকৰ্মী কুশদীপ হাটীমতাৰ নেতৃত্বত ৪০ খন বিদ্যালয়ৰ প্ৰতিনিধি তথা ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতত আৰু গোলাঘাটৰ চিনাতলীৰ আধাৰ সত্ৰ জাতীয় বিদ্যালয়ত পৰিৱেশকৰ্মী অনন্ত শইকীয়াৰ নেতৃত্বত এই দিৱস উদযাপন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-imag-2026-02-15-08-30-50.jpeg)
পক্ষী সংৰক্ষণ, আৰু বংশবৃদ্ধিৰ বাবে চৰাইৰ বাহ বোৰেও নিৰাপত্তা পোৱাটো অতি জৰুৰী ৷ চৰাইৰ বাবে অসহিষ্ণু পৰিবেশৰ অৱসান ঘটাই চৰাইৰ বাহ সমূহৰ বাবে এক সুৰক্ষামূলক পৰিৱেশ গঢ় দিয়াৰ উদ্দেশ্য আগত ৰাখি প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা “চৰাই বাহ সুৰক্ষা দিৱসে” মানুহৰ আশে পাশে বাসকৰা পৃথিৱীৰ মুঠ চৰাইৰ ২০% ৰ নিৰাপত্তা সুনিশ্চিত কৰে ৷ বিগত বছৰত মানুহৰ জনসংখ্যাৰ অভূতপূর্ব বৃদ্ধি আৰু আন্তঃগাঁথনিৰ অবাধ উন্নয়নে চৰাইবোৰৰ বাসস্থানৰ বাবে সৃষ্টি কৰা গুৰুতৰ ভাবুকিৰ সন্মুখীন হ’বলৈ চৰাইৰ বাবে কৃত্ৰিম বাহ সজা মঞ্চ প্ৰদানৰ বিপৰীতে এই বছৰত চৰায়ে বাহ সাঁজিব পৰা সুবিধাজনক গছৰ পুলি আৰু চৰাইৰ বাবে খাদ্যযোগান ধৰিব পৰা গছপুলি ৰোপন আৰু সংৰক্ষণত গুৰুত্ব দি “চৰাই বাহ সুৰক্ষা দিৱস” উদযাপন কৰা হয় ।
উল্লেখযোগ্য যে- ভাৰতকে ধৰি পৃথিৱীৰ সৰহ সংখ্যক ঠাইৰে চৰাইৰ কণী পৰাৰ সময় মার্চত আৰম্ভ হয় আৰু জুলাইত শেষ হয় ৷ মার্চত কণী পাৰিবলৈ হ’লে চৰাইবোৰে ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা যোৰ পাতি বাহ তৈয়াৰ কৰাৰ প্ৰস্তুতি আৰু কার্য্য আৰম্ভ কৰিব লগীয়া হয় ৷ সেয়ে ফেব্ৰুৱাৰী মাহৰ মাজভাগত ১৪ ফেব্ৰুৱাৰীত চৰাই বাহৰ সুৰক্ষা সম্পর্কে সচেতনতা অভিযান আৰম্ভ কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-ima-2026-02-15-08-31-07.jpeg)
“চৰাই বাহ সুৰক্ষা দিৱস” দিৱস উদযাপন সমিতিৰ সভাপতি অমূল্য তামুলীয়ে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়াই চৰাই বান্ধৱ, অসমৰ সঞ্চালক গিৰিমল্লিকা শইকীয়াই চৰাই বাহ সুৰক্ষা দিৱসৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কৃত্ৰিম চৰাইৰ বাহ সজা মঞ্চ সংস্থাপন কৰি বিশিষ্ট পৰিৱেশকৰ্মী, জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে। বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চৰাই সংৰক্ষণ বিষয়ক প্ৰতিযোগিতামূলক প্ৰদর্শনী , ছেমিনাৰত , নাট আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।সভাত বনগাঁও চ’লা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বার্ষিক মুখপত্ৰ “সূর্যোদয়” বিশেষ “চৰাই বাহ সুৰক্ষা দিৱস” সংখ্যা উন্মোচন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পবিত্ৰ বৰবৰাই। লগতে মৌচাক মামা খ্যাত শান্তনু তামূলী তথা জ্যেষ্ঠ বিজ্ঞানী ড০ প্ৰবাল শইকীয়া,অৰণ্যকৰ সচিব বিভৱ তালুকদাৰ ,পক্ষীবিদ ভূৱনেশ্বৰ শৰ্মা আদি কেইবাগৰাকী বিশিষ্ট পৰিৱেশবিদে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে।
গ্ৰাছ, বোকাখাতৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰা , উপদেষ্টা ফণিধৰ হাজৰিকা,আশ্ৰয়, দেৰগাঁৱৰ সম্পাদক ডঃ সঞ্জয় কুমাৰ হাজৰিকা, সাংবাদিক প্ৰশান্ত শৰ্মা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰী ক্ৰমে দিলীপ ফুকন,নিজৰা শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু বিভিন্ন বিদ্যালয়ৰ প্ৰধান তথা সহকাৰী শিক্ষক ছাত্ৰ-ছাত্ৰী সকলে সভাত অংশগ্ৰহন কৰে।"চৰাই বান্ধৱ -অসম" ৰ ফালৰ পৰা খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক, এগৰাকী পৰিৱেশকর্মী মৃণাল শইকীয়ালৈ “চৰাই বান্ধৱ সন্মান-২০২৬” প্ৰদান কৰাৰ কথা ঘোষণা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us