গোলাঘাটত মুগা-এৰী পলুৰ পেলনীয়া খোলাৰ পৰা সাজ-সজ্জা প্ৰস্তুতৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

গোলাঘাটৰ চানমাৰি হাইস্কুলত পৰিৱেশ সম্পৰ্কীয় এক শিক্ষক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় ৷ এই প্ৰশিক্ষণত জিলাখনৰ ৪০ খন বিদ্যালয়ৰ মুঠ ৮০ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গোলাঘাটঃ স্বেচ্ছাসেৱী সংগঠন পূৰ্বোত্তৰ পৰিৱেশ শিক্ষা সমিটি, চমুকৈ “চিনে”ৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগিতাত আৰু কেন্দ্ৰীয় বন-পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ পৃষ্ঠপোষকতাত গোলাঘাটৰ চানমাৰি হাইস্কুলত পৰিৱেশ সম্পৰ্কীয় এক শিক্ষক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় ৷ 

বিদ্যালয়ৰ প্ৰধান শিক্ষক অনুপ শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত সভাত মুগা আৰু এৰিপলুৰ পেলনীয়া খোলাৰ পৰা কিদৰে সাজ-সজ্জা তৈয়াৰ কৰিব পাৰি সেই বিষয়ত এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ এই প্ৰশিক্ষণত জিলাখনৰ ৪০ খন বিদ্যালয়ৰ মুঠ ৮০ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে বিমান শৰ্মা,প্ৰাঞ্জুমণি ফুকন ৰিঞ্জুমণী বৰুৱা আৰু অচিন্ত হাজৰিকাই অংশগ্ৰহণ কৰে ৷ 

উল্লেখ্য যে, চিনেইৰ সম্পাদক ইমদাদ আলীয়ে আতঁ ধৰা এই প্ৰশিক্ষণত সংগঠনটোৰ মুখ্য সচিৱ চক্ৰপাণি শৰ্মা,সমন্বয়ক পুলক ফুকন সদস্য গৌৰৱজ্যোতি শৰ্মাকে ধৰি সকলো বিষয়ববীয়া আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত জুবিন গাৰ্গ আৰু চিনেৰ মুখ্য উপদেষ্টা ড° পদ্মেশ্বৰ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ পাছতে বন্তী প্ৰজ্বালন কৰে অনুপ শৰ্মাই । ইপিনে আদৰণি ভাষণ প্ৰদান কৰে জ্যেষ্ঠ শিক্ষয়িত্ৰী মিনাক্ষী শইকীয়াই ৷

গোলাঘাট