১৯৫৮ চনতে স্থাপন কৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ স্থানান্তৰ

২৪ ফুট বহল আৰু ২৩ ফুট দীঘল  ভৱনটো জেক টেকন’লজিৰে ১৫ ফুট আতঁৰলৈ  স্থানান্তৰৰ কাম আজিৰে পৰা আৰম্ভ হয় ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ কলেজতিনিআলিত ১৯৫৮ চনতে স্থাপন কৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ স্থানান্তৰ কৰা হ'ব। যি ঠাইত এই মন্দিৰটো আছে বাৰিষা কালত সেই  ঠাইত বানপানী হয় । সেয়ে সম্পূৰ্ণ মন্দিৰটো খালি ঠাইলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

হাৰিয়ানাৰ এস্কপাৰ্ট হাউচ লিফটিং নামৰ এটা কোম্পানীৰ সৈতে যোগাযোগ কৰি এই কাম কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। ২৪ ফুট বহল আৰু ২৩ ফুট দীঘল  ভৱনটো জেক টেকন’লজিৰে ১৫ ফুট আতঁৰলৈ  স্থানান্তৰৰ কাম আজিৰে পৰা আৰম্ভ হয় ৷ 

উল্লেখ্য যে  এই  হাউচ লিফটিং নামৰ কোম্পানীটোৰ স্বতাধিকাৰী য়োগা সিঙে কয়, তেওঁলোকে অসমৰ বিভিন্ন ঠাইত চাৰি মহলীয়া ঘৰ পৰ্যন্ত স্থানান্তৰিত কৰিছে। এই মন্দিৰটোও সুন্দৰকৈ স্থানান্তৰিত কৰিব বুলি উল্লেখ কৰে। 

গোলাঘাট মন্দিৰ