/asomiyapratidin/media/media_files/2025/12/27/1-2025-12-27-20-40-34.jpg)
ডিজিটেল ডেস্কঃ গোলাঘাট বৰাহী ফাউণ্ডেচনৰ উদ্যোগত বৰাহী গাঁৱত বিশিষ্ট সমাজকৰ্মী তথা মইনা ককা খ্যাত প্ৰয়াত মেহুৰাম বৰাৰ তথা কৃষি মন্ত্ৰী অতুল বৰাৰ পিতৃৰ প্ৰতিমূৰ্তি আৰু মইনা ককা শিশু কল্যাণ কেন্দ্ৰ 'ন-জোনৰ' শুভ উদ্ধোধন কৰা হয় ৷ প্ৰয়াত মেহুৰাম বৰাৰ প্ৰতিমূৰ্তি আৰু শিশু কল্যাণ কেন্দ্ৰটি মুকলি কৰে অসম চৰকাৰৰ জলসম্পদ,বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।
/asomiyapratidin/media/post_attachments/076566a8-60c.png)
প্ৰয়াত মেহুৰাম বৰাৰ সহধৰ্মিনী পূণ্য প্ৰভা বৰা,পুত্ৰ তথা কৃষিমন্ত্ৰী অতুল বৰা,ভাতৃ দ্বয়, গোলাঘাট জিলা আয়ুক্ত গৰাকী আৰু পৰিয়ালবৰ্গই ৷ অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা অহা কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে ডেৰ সহস্ৰাধিক লোক উপস্থিত থাকে৷ ইপিনে অনুষ্ঠানত উপস্থিত থকা কণ কণ ছাত্ৰ-ছাত্ৰী সকলক মন্ত্ৰী অতুল বৰাই গোলাপ ফুল প্ৰদান কৰে। ইয়াৰ পাছতে প্ৰয়াত মইনা ককাৰ স্মৃতিত এটি সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি শিশু কল্যাণ কেন্দ্ৰত এখনি টাইকোৱাণ্ডো খেল অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/post_attachments/8079c82d-c02.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us