প্ৰধানমন্ত্ৰী নুমলীগড়লৈ অহা প্ৰাকমুহূৰ্তত আটক কৃষক মুক্তিৰ দুই নেতা...

দেওবাৰে দিনৰ পৰা ওৰেটো নিশা গোলাঘাট সদৰ আৰক্ষী থানাতে ৰাখি থৈছে দুয়োজন নেতাক। এই ঘটনাৰ পাছতে নিশা আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন।

author-image
Asomiya Pratidin
New Update
web ap 1 (6)

ডিজিটেল সংবাদ,গোলাঘাটঃ  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত শইকীয়া আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈক আটক কৰিছে গোলাঘাট আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নুমলীগড়লৈ অহা প্ৰাক মুহুৰ্তত আৰক্ষীয়ে দুই কৃষক মুক্তিৰ নেতাক আটক কৰি থানাত ৰাখে।

দেওবাৰে দিনৰ পৰা ওৰেটো নিশা গোলাঘাট সদৰ আৰক্ষী থানাতে ৰাখি থৈছে দুয়োজন নেতাক। এই ঘটনাৰ পাছতে নিশা আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন।

উল্লেখ্য যে, কোনো কাৰণ নোহোৱাকৈ দুই সদস্যক এনেদৰে আটক কৰি ৰখা আঁৰত কি কাৰণ আছে বুলি প্ৰশ্ন কৰিছে ক্ষুব্ধ নেতা সকলে। লগতে এই কাৰ্যক গৰিহনা দি অতি শীঘ্ৰে দুয়োকে মুকলি কৰি দিয়াৰ দাবী তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। 

কৃষক মুক্তি সংগ্ৰাম সমিতি