/asomiyapratidin/media/media_files/2025/12/10/whatsapp-2025-12-10-15-24-43.jpeg)
ডিজিটেল ডেস্কঃ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আজি ১৯১ সংখ্যক ওপজা দিন। অসমৰ প্রথমখন অসমীয়া অভিধান "হেমকোষ"ৰ স্ৰষ্টা হেমচন্দ্ৰ বৰুৱা আছিল বিশাল ব্যক্তিত্বৰগৰাকী হোৱাৰ উপৰিও অসমৰ এগৰাকী সমাজ সংস্কাৰক। অসমীয়া ভাষা-সাহিত্যলৈ এইগৰাকী বৰণ্য ব্যক্তিৰ অৱদান অনস্বীকাৰ্য। এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে অসমীয়া ভাষাৰ সংকটকালত হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা হেমকোষ তথা অসমীয়া ব্যাকৰণে ভাষাটোক যোগাইছিল সঞ্জীৱনী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/e1e2d91d-8a4c-4815-b84c-25bade5eb9cb-2025-12-10-15-28-02.jpg)
আজিৰ এই পবিত্ৰ দিনটোত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটতো ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক সশ্ৰদ্ধ প্ৰণিপাত জনাইছে সকলোৱে।প্ৰণিধানযোগ্য যে, গোলাঘাটত ২০১৬ চনৰ ৩০ এপ্ৰিলত জয়ন্ত বৰুৱাই প্ৰায় ২৭ লাখ টকা ব্যয়ৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি অপূৰ্ব বল্লভ গোস্বামী আৰু সম্পাদক ৰোহিত গগৈৰ সহযোগত গোলাঘাটত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্ত্তি প্ৰতিষ্ঠা কৰিছিল। একেদৰে উক্ত দিনটোতেই বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড০ নগেন শইকীয়াই উন্মোচন কৰিছিল হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্ত্তি।
উল্লেখযোগ্য যে, এই মূৰ্ত্তিভাগ নিৰ্মাণ কৰিছিল মিৰ্জাৰ ভাস্কৰ্য শিল্পী বিজু দাসে । তাৰোপৰি সেই সময়ত "হেমচন্দ্ৰ" নাম এখন গ্ৰন্থ দিগন্ত বৰাৰ সম্পাদনাত প্ৰকাশিত হৈছিল। আজিৰ এই পবিত্ৰ দিনটোত ভাষাৰ ওজাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে গোলাঘাটবাসীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us