গোলাঘাটত ব্যৱসায়ী অপহৰণৰ ভয়ংকৰ পৰিকল্পনা, ৪ দুৰ্বৃত্ত গ্ৰেপ্তাৰ…

গোলাঘাটত ব্যৱসায়ী অপহৰণৰ ভয়ংকৰ পৰিকল্পনা, ৪ দুৰ্বৃত্ত গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
গোলাঘাটত ব্যৱসায়ী অপহৰণৰ ভয়ংকৰ পৰিকল্পনা, ৪ দুৰ্বৃত্ত গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, গোলাঘাটঃ মঙলবাৰে নিশা গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰ খবৰ অনুসৰি পোৰাবাংলাৰ এঘৰৰ পৰা এটা যুদ্ধবিৰত আনলা কেদাৰসহ চাৰি দুবৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে দলটোৰ পৰা ২ টা পইণ্ট থ্ৰি টু পিস্তল ,দহ ৰাউণ্ড সজীৱ গুলী , দুটা মেগজিন, তিনিটা মোবাইল আৰু এখন পালছাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয় ।

Advertisment

ধৃত কেইজন হৈছে মেৰাপানীৰ চাংখাটিৰ কামিল ডাং(যুদ্ধবিৰত আনলা) ,চাইমন বাগ,পোৰা বাংলোৰ এডমাণ্ড তপ্ন আৰু জখলা বন্ধাৰ ৰাজু ভূমিজ ।আজি গোলাঘাটত অনুষ্ঠিত এক সংবাদ মেলত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে এই কথা সদৰি কৰি কয় যে দলটোৱে কেইবাজনো ব্যৱসায়ীক অপহৰণৰ লক্ষ্যৰে পোৰাবাংলাৰ এডমান তপ্নৰ ঘৰত বাহৰ পাতি আছিল।

দলটোৱে মঙলবাৰে নিশাৰ ভিতৰত স্থানীয় ব্যৱসায়ী দীপক গোৱালাক অপহৰণ কৰি ধন দাবী কৰাৰ পৰিকল্পনা কৰিছিল বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে দলটোৱে পূৰ্বতে চাহ বাগিচাৰ ধন লুট কৰিবলৈ প্ৰচেষ্টা চলাই বিফল হৈ বিভিন্ন স্থানৰ কেইবাজনো ব্যৱসায়ীক অপহৰণ কৰি মুক্তি পণ দাবী কৰাৰ পৰিকল্পনা কৰিছিল।