'মিঞা খেদা আন্দোলন'ৰ মাজতে গোলাঘাটত উচ্ছেদৰ নামত ধন দাবী স্বয়ম্ভু নেতাৰ...

উজনি অসমত চলি থকা ‘মিঞা খেদা আন্দোলন’ৰ মাজতে পোহৰলৈ আহিছে কেতবোৰ গুৰুতৰ অভিযোগ। একাংশ স্বয়ম্ভু নেতা লিপ্ত হৈছে উচ্ছেদৰ নামত ধন সংগ্ৰহৰ অভিযানত।

author-image
Asomiya Pratidin
New Update
'মিঞা খেদা আন্দোলন'ৰ মাজতে গোলাঘাটত উচ্ছেদৰ নামত ধন দাবী স্বয়ম্ভু নেতাৰ...

ডিজিটেল সংবাদ গোলাঘাটঃ উজনি অসমত চলি থকা ‘মিঞা খেদা আন্দোলন’ৰ মাজতে পোহৰলৈ আহিছে কেতবোৰ গুৰুতৰ অভিযোগ। একাংশ স্বয়ম্ভু নেতাই উচ্ছেদৰ ভাবুকিৰে ধন দাবীত লিপ্ত হোৱাৰ ঘটনা পোহৰলৈ অহাৰ সমান্তৰালকৈ এই বিষয়ে আৰক্ষী থানাত গোচৰ দাখিলৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

Advertisment

অভিযোগ অনুসৰি একাংশ সংখ্যালঘু লোকৰ পৰা গোলাঘাটৰ এজন স্বয়ম্ভু নেতাই ৫০ হাজাৰকৈ ধন দাবী কৰিছে। ৫০ হাজাৰ নোৱাৰিলেও তেওঁলোকক ৪০ হাজাৰকৈ ধন আদায় দিবলৈ কোৱা হৈছে। এই ধন নিদিলে উচ্ছেদৰো ভাবুকি প্ৰদান কৰিছে। এই সম্পৰ্কীয় এক কল ৰেকৰ্ডিঙো ইতিমধ্যে ভাইৰেল হৈ পৰিছে। 

প্ৰাপ্ত তথ্য মতে গোলাঘাটত অসমীয়া যুৱ মঞ্চৰ স্বয়ম্ভু নেতা বহু বিতৰ্কিত ইমতিয়াজ আহমেদে একাংশ সংখ্যালঘু নাগৰিকৰ পৰা ৫০ হাজাৰকৈ ধন দাবী কৰিছে। দাবী কৰা এই ধন নিদিলে তেওঁলোকক উচ্ছেদৰ ভাবুকি প্ৰদান কৰিছে। ইমতিয়াজ আহমেদৰ এনে ভাবুকিৰ পিছতে তেওঁৰ বিৰুদ্ধে যোৱা ৪ আগষ্টতে গোলাঘাট আৰক্ষী থানাত এক গোচৰ দাখিল কৰা হৈছিল যদিও আজি পৰ্যন্তে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে গোলাঘাট আৰক্ষীয়ে। 

উচ্ছেদৰ নামত ধন দাবীৰ অভিযোগ উছা ইমতিয়াজ আহমেদৰ বিৰুদ্ধে এনে অভিযোগ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁ এই একেখিনি মানুহৰ পৰা চৰকাৰী মাটি ম্যাদিকৰণ কৰাৰ নামত ১১ টা পৰিয়ালৰ পৰা প্ৰায় ৯৫ হাজাৰ টকা সংগ্ৰহ কৰি হজম কৰিছিল। সেই ধন সংগ্ৰহ কৰাৰ সময়ত আনকি তেওঁ টকা নিদিলে ডিঙিত দা থোৱাৰো অভিযোগ উঠিছিল। 

এটা বছৰ পূৰ্বে এই একেগৰাকী ইমতিয়াজ আহমেদে নিজৰে ভাতৃক কাঠকটীয়াৰ চৰকাৰী ভূমিত বহুৱাই কেইবা লক্ষ্যাধিক টকা হজম কৰিছিল। কাঠকটীয়াৰ চৰকাৰী ভূমিত বাস কৰা লোকসকলক ইতিমধ্যে প্ৰশাসনে উচ্ছেদ কৰিছে। নিজকে অসমীয়া যুৱ মঞ্চৰ নেতা বুলি দাবী কৰা ইমতিয়াজ আহমেদে সন্দেহ জনক লোকক ধন ঘটাৰ খিৰটী গাই হিচাপেও ব্যৱহাৰ কৰি অহাৰ অভিযোগ আছে।

উজনি অসমত শেহতীয়াকৈ আৰম্ভ হোৱা মিঞা খেদাৰ আন্দোলনৰ মাজতে ইমতিয়াজে সংখ্যালঘু লোকক লক্ষ্য কৰি লৈ উচ্ছেদৰ নামত ধন সংগ্ৰহৰ অপচেষ্টাত লিপ্ত হৈছে। ইফালে আনক উচ্ছেদৰ ভাবুকি দিয়া ইমতিয়াজ আহমেদৰ নাগৰিকত্বৰ ওপৰতে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। 

উচ্ছেদ অভিযান