/asomiyapratidin/media/media_files/2025/11/03/115-2025-11-03-18-26-32.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : কলিতা জনগোষ্ঠী সন্মিলন,অসমৰ গোলাঘাট জিলা সমিতিৰ মহিলা মৰ্চাই আগন্তুক ২৩,২৪ আৰু ২৫ জানুৱাৰীত হ’বলগা কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ বাবে মহিলাসকলৰ প্ৰস্তুতি আৰু সাংস্কৃতিক কাৰ্য্যসূচী সন্দৰ্ভত আলোচনা কৰিবলৈ সোমবাৰে এখনি সভা আহবান কৰে ৷ জিলা সভাপতি ধনেশ্বৰ বৰ্মনৰ সভাপতিত্বত আয়োজিত সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে জিলা মহিলা মৰ্চাৰ সম্পাদিকা তথা দ্বিবাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক সম্পাদিকা জীনা বৰুৱাই৷
অভ্যৰ্থনা সমিতিৰ সভাপতি ডা০ মাখন বৰদলৈ আৰু সাধাৰণ সম্পাদক ইন্দ্ৰ কলিতাই প্ৰস্তুতি সন্দৰ্ভত মৰ্চাক বিভিন্ন পৰামৰ্শৰে পথ প্ৰদৰ্শন কৰে ৷ জিলা মহিলা সমিতিৰ কাৰ্য্যালয়ত আয়োজিত সভাখনত কলিতা জনগোষ্ঠীৰ বিভিন্ন সমস্যা তথা বহু প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা বিষয়েও সভাত স্হান লাভ কৰে ৷
সভাত ৰূপালী দত্ত, জুৰি দত্ত, মঞ্জুলিকা নেওগ শইকীয়া,অণিমা কলিতা,পাৰুল ৰাজখোৱ, মীনু শইকীয়া, মৌচুমী কলিতা আদি কেইবাগৰাকী মহিলাই নিজা মন্তব্য দাঙি ধৰে ৷ ডা০ মাখন বৰদলৈ আৰু সভাপতি ধনেশ্বৰ বৰ্মনে বক্তব্য প্ৰদান কৰি কয় যে মহিলাসকলে কেৱল অতিথি আপ্যায়নতে নহয়, অন্য কৰ্মসমূহতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু কলিতা জাতিৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত মহিলাসকলেও সক্ৰিয়ভাৱে আগ বাঢ়ি যাব লাগিব ৷
মৰ্চাৰ সম্পাদিকা জীনা বৰুৱাই কয় যে আজি শিক্ষানুষ্ঠানত আসন পোৱাৰ পৰা চাকৰিত নিযুক্তি পোৱালৈকে প্ৰতিটো ক্ষেত্ৰতে কলিতা জনগোষ্ঠী বঞ্চিত হৈ আহিছে ৷ আগন্তুক অধিৱেশনত সকলোৰে উপস্থিতি, সহায় সহযোগিতাৰ বাবে আজিৰ সভাই অনুৰোধ জনায় ৷ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনত আকৰ্ষণীয় সাংস্কৃতিক কাৰ্য্যসূচী আৰু বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us