গোলাঘাটৰ বেঙেনাখোৱাত ক্ৰিকেট টুৰ্ণামেণ্ট

গোলাঘাটৰ বেঙেনাখোৱাৰ তেতেলীতল যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বৃহস্পতিবাৰৰ পৰা ১৫ দিনিয়াকৈ তৃতীয়বাৰৰ বাবে ক্ৰিকেট টুৰ্নামেণ্ট আৰম্ভ৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত খেলখনি শুভাৰম্ভ কৰে স্থানীয় গাওঁপ্ৰধান দিগন্ত বৰাই৷ 

author-image
Asomiya Pratidin
New Update
GOLAGHAT CRICKTTT

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ বেঙেনাখোৱাৰ তেতেলীতল যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বৃহস্পতিবাৰৰ পৰা ১৫ দিনিয়াকৈ তৃতীয়বাৰৰ বাবে ক্ৰিকেট টুৰ্নামেণ্ট আৰম্ভ৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত খেলখনি শুভাৰম্ভ কৰে স্থানীয় গাওঁপ্ৰধান দিগন্ত বৰাই৷ 

ইদুল বৰুৱাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সমাজসেৱক ক্ৰমে সুৰেণ বৰা, উমেশ গগৈ ,লুহিত গগৈ ,ৰাজকুমাৰ স্বামী ,বাবুল গগৈ ; লিংকন শইকীয়া ,জ্যেষ্ঠ সাংবাদিক প্ৰকাশ শৰ্মা আৰু কল্পনা ফুকনক সম্বদ্ধনা জনোৱা হয় ৷   

দেবেন ইলেভেন আৰু ইছলামপট্টি বয়জ ক্লাৱৰ মাজত অনুষ্ঠিত হোৱা আজিৰ প্ৰথমখন খেলত টৰ্চত জিকি প্ৰথমে বেট ধৰে ইছলামপট্টি বয়জ ক্লাবে৷ বাবলু গগৈয়ে খেলখনৰ সুন্দৰ বিৱৰণীৰে আপ্লুত কৰে৷ 

গোলাঘাট