/asomiyapratidin/media/media_files/2026/02/01/golaghattatatata-2026-02-01-20-48-02.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ গোলাঘাট চহৰত দেওবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে আয়োজন কৰা ‘জাতি বচাওঁক মাটি বচাওঁক’ বিশাল পদযাত্ৰাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে৷ গোলাঘাট জিলা যুৱ কংগ্ৰেছ উদ্যোগত উলিওৱা পদযাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ভাস্কৰ বৰুৱা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমে অংশ গ্ৰহণ কৰে৷
বিশ্বৰ ৰাজনীতি কঁপোৱা এপষ্টিন ফাইলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম সাঙোৰ খোৱাৰ অভিযোগ উত্থাপনৰ পিছতে আজিৰ পদযাত্ৰাত সভাপতি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে 'মোদী-এপষ্টিন ভাই ভাই’ বুলি লিখা থকা পোষ্টাৰ-ফেষ্টুনো প্ৰদৰ্শন কৰে।
পদযাত্ৰাৰ অন্তত গৌৰৱ গগৈয়ে বিশাল জনসভাক সম্বোধন কৰি গোলাঘাটৰ সৈতে এক সু-সম্পৰ্ক থকাৰ প্ৰসংগ উল্লেখ কৰি কয় যে- ‘আমি আজি গোলাঘাটত এই যাত্ৰা কৰাৰ উদ্দেশ্য হৈছে আমি আমাৰ নিজৰ মাটি বচাব লাগিব৷ মামা-মামী, আম্বানি-আদানি আৰু পতঞ্জলিক অসমৰ ভূমিপুত্ৰসকলৰ মাটি যিদৰে এইখন চৰকাৰে গতাই দিবলৈ লৈছে, পৰৱৰ্তী সময়ত অসমৰ খিলঞ্জীয়া মানুহৰ নামত একঠাও মাটি নাথাকিব৷ আজি অসমত এনে এটা জাতি-জনগোষ্ঠী নাই যিটো জাতি-জনগোষ্ঠীক হিমন্ত বিশ্ব শৰ্মাই বিশ্বাসঘাতকতা কৰা নাই৷ তেওঁলোকে ছয়টা জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি সপোন দেখুৱালে৷ আকৌ নিজ অহংকাৰেৰে ক’লে যে বিধানসভাৰ নিৰ্বাচনৰ আগত ছয়টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰা নহ’ব৷ বাগানৰ শ্ৰমিকক ভুৱা প্ৰতিশ্ৰুতি দি ক’লে যে তোমালোকে মাটিৰ পট্টা পাবা৷ কিন্তু পট্টা দিব পৰা নাই৷’
গৌৰৱ গগৈয়ে চৰকাৰী স্কুল বন্ধ কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে- বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহবোৰে ভাবে যে তেওঁলোকৰ ল’ৰা-ছোৱালী স্বনিৰ্ভৰশীল হওক, স্বাৱলম্বী হওক, নিজৰ ভৰিত থিয় দিয়ক৷ কিন্তু ভিতৰুৱা গাঁৱলৈ গ’লে দেখিব যে চৰকাৰী স্কুলবোৰ নাই৷ বাগান অঞ্চল, মিচিং এলেকাত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে৷ চাৰিওফালে মদ আৰু ড্ৰাগছ যেতিয়া থাকে তেতিয়া জাতি সুৰক্ষিত থাকিব নেকি? চাৰিওফালে মদৰ দোকান খুলি আজি জাতিটো তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে৷ নিবনুৱাৰ হাতত চাকৰি নাই৷ কোনোবাই কয়লা, বালি, শিল চিণ্ডিকেট চলাইছে৷ যুৱ প্ৰজন্মই ঠিকাদাৰ হোৱাৰ সুযোগ পোৱা নাই৷ সকলো ঠিকা গুৱাহাটীৰ চাৰি-পাঁচজন ঠিকাদাৰে কৰে৷ সৰু-সুৰা ঠিকাদাৰে কাম নাপায়৷ সৰু সৰু দোকানীয়ে দোকান চলাব নোৱাৰে৷
এমাজন, চুইগি, ফ্লিপকাৰ্টৰ দৰে ৱেবছাইট হোৱাত সৰু সৰু দোকানীয়ে মাৰ খাই গ’ল বুলি দাবী কৰি গগৈয়ে কয় যে- ‘এইবোৰত মুখ্যমন্ত্ৰীৰ চিন্তা নাই৷ তেওঁৰ এটাই চিন্তা৷ নিজৰ বিফলতা, ব্যক্তিগত কেলেংকাৰী লুকুৱাবলৈ হ’লে অসমৰ এচাম মানুহক দিনৰ দিনটো গালি পাৰি আহিছে৷ তেওঁ তেনেকৈ গালি পাৰি দেখুৱাব খোজে যে তেওঁ ডাঙৰ হিন্দু নেতা৷ মই প্ৰশ্ন কৰিব খুজিছো যে তুমি কেনেকুৱা হিন্দু নেতা যে তুমি গৰু চিণ্ডিকেটৰ পৰা টকা খোৱা? তুমি কেনেকুৱা হিন্দু নেতা যে জনজাতিৰ মাটি কাঢ়ি আদানি-আম্বানিক দিয়া৷ হিন্দু নেতা বুলি কোৱা আৰু বেলেগ ধৰ্মক প্ৰতিদিনে অপমানিত কৰা৷ তেনে নেতা কোনো দিনে হিন্দু নেতা হ’ব নোৱাৰে৷ হিন্দু মানে সভ্য, হিন্দু মানে শক্তিশালী, হিন্দু মানে প্ৰগতিশালী, হিন্দু মানে বহল মনৰ, হিন্দু মানে উদাৰতা৷ কোনো দিনেই হিমন্ত বিশ্ব শৰ্মাৰ গাত তেনে গুণ দেখিবলৈ পোৱা নাই৷ তেওঁৰ দেহত এটাই গুণ আছে সেয়া হৈছে গৰুৰ চিণ্ডিকেটৰ পৰা টকা কিমান উঠাব পাৰে, কয়লা কেলেংকাৰীৰ পৰা টকা কিমান উঠাব পাৰে তাকে চিন্তা কৰে আৰু মাটি ক’ত কিনিব পাৰে তাৰ চিন্তা কৰে।’
ভাষণৰ আৰম্ভণিতে গৌৰৱ গগৈয়ে গোলাঘাট কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোলাপ শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ সভাত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কী, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক মিতেন্দ্ৰ দৰ্শন সিং, সহঃ তত্ত্বাৱধায়ক জিশান আহমেদ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us