গোলাঘাটত বিজেপি মহিলা মৰ্চাৰ “নাৰী বন্দন” অভিযানৰ শুভাৰম্ভ

বিজেপি ৰাজ্যিক মহিলা মৰ্চা সমিতিৰ নিৰ্দেশ মৰ্মে মাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে শুক্রবাৰ পৰা গোলাঘাট সমষ্টিত “নাৰী বন্দন” অভিযানৰ শুভাৰম্ভ কৰা হয়।

author-image
Asomiya Pratidin
New Update
ygqwyusegtqwusAUGHI

ডিজিটেল সংবাদ, গোলাঘাটঃ বিজেপি ৰাজ্যিক মহিলা মৰ্চা সমিতিৰ নিৰ্দেশ মৰ্মে মাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে শুক্ৰবাৰে গোলাঘাট সমষ্টিত “নাৰী বন্দন” অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ প্ৰথম কাৰ্যসূচী অনুসৰি গোলাঘাট জিলা মহিলা মৰ্চাই গোলাঘাট নগৰ মণ্ডল মহিলা মৰ্চাৰ সহযোগত গোলাঘাট নগৰত ঘৰে ঘৰে গৈ সন্মান জনোৱাৰ অনুষ্ঠান আয়োজন কৰে।

এই উপলক্ষে গোলাঘাট নগৰৰ বিশিষ্ট লেখিকা, শিক্ষাবিদ তথা কমাৰগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা বিজুলী বৰচেতিয়া আৰু প্ৰাক্তন শিক্ষয়িত্ৰী তথা লেখিকা সাবিত্ৰী বৰুৱাৰ লগতে সাহিত্য, শিক্ষা আৰু সমাজসেৱাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা কেইবাগৰাকীও মহিলাক “নাৰী বন্দন” পূজাৰে সন্মানিত কৰা হয়।

CaptureGDRFDFDF

সাহিত্য, শিক্ষা আৰু সমাজসেৱাৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি সমাজলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই অহা মহিলাসকলক সন্মান জনোৱাৰ লক্ষ্যৰে এই অভিযান গ্ৰহণ কৰা হৈছে বুলি বিজেপি মহিলা মৰ্চাই জানিবলৈ দিয়ে। ইফালে, সন্মানিত মহিলাসকলে কয় যে, সমাজৰ হিতাৰ্থে কৰি অহা তেওঁলোকৰ কামৰ স্বীকৃতি স্বৰূপ এনে সন্মান লাভ কৰাটো তেওঁলোকৰ বাবে গৌৰৱৰ বিষয়। ইয়াৰ বাবে তেওঁলোকে বিজেপি মহিলা মৰ্চালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সম্পাদিকা বিস্মিতা গগৈ, গোলাঘাট জিলা মহিলা মৰ্চাৰ সভানেত্ৰী লিপিকা বৰা, জিলা মহিলা মৰ্চাৰ প্ৰভাৰী অভিজিতা শৰ্মা নেওগৰ লগতে মহিলা মৰ্চাৰ বহুতো বিষয়ববীয়া উপস্থিত থাকে।

গোলাঘাট