মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়াৰ পিছতো একো নাপালে অৰুণ শৰ্মাৰ পৰিয়ালে

গোলাঘাটৰ কমাৰবন্ধাৰ কলীয়াপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ন-পমুৱা কুমাৰ গাঁৱৰ দৰিদ্ৰ কৃষক অৰুণ শৰ্মা ওৰফে পাপু আৰু তেওঁৰ ১২ বছৰীয়া কণ্যা ভাগ্যশ্ৰী দেৱী জন্মৰে পৰাই শাৰীৰিকভাৱে সক্ষম৷ ইফালে, পিতৃৰ একমাত্ৰ উপাৰ্জনৰ পথ ধান খেতি৷ 

author-image
Asomiya Pratidin
New Update
GOLAGHAT ARUN

ডিজিটেল সংবাদ, গোলাঘাটঃগোলাঘাটৰ কমাৰবন্ধাৰ কলীয়াপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ন-পমুৱা কুমাৰ গাঁৱৰ দৰিদ্ৰ কৃষক অৰুণ শৰ্মা ওৰফে পাপু আৰু তেওঁৰ ১২ বছৰীয়া কণ্যা ভাগ্যশ্ৰী দেৱী জন্মৰে পৰাই শাৰীৰিকভাৱে সক্ষম৷ ইফালে, পিতৃৰ একমাত্ৰ উপাৰ্জনৰ পথ ধান খেতি৷ 

Cerebral palsy ৰোগত আক্ৰান্ত জিয়াৰী ভাগ্যশ্ৰী দেৱীক ন-পমুৱা কুমাৰগাঁও প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা আছে যদিও খোজকাঢ়িব নোৱাৰাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰে৷ এই দুৰ্ভগীয়া পৰিয়ালটোৰ অৰুণ শৰ্মাৰ পত্নী জুমী দেৱীয়ে নিজৰ নামত শেহতীয়াকৈ চৰকাৰৰ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে যদিও ইয়াৰ বাহিৰে চৰকাৰী আন একো সুবিধা লাভ কৰা নাই৷ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আঠখেলীয়া নামঘৰলৈ অহা সময়ত তিনিবাৰকৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে৷ অগণন জনতাৰ আগত মুখ্যমন্ত্ৰীয়ে আশ্বাস দিলে, প্ৰয়োজনীয় নথি বিচাৰি ৰাজহচক্ৰ বিষয়াৰ পৰা ফোনো আহিল৷ কিন্ত চৰকাৰৰ তৰফৰ পৰা সুবিধা লাভ কৰিম বুলি আশা পালি থকা অৰুণ শৰ্মাৰ পৰিয়ালে একো নাপালে৷ 

শেষ আশা বুকুত বান্ধি জুমীয়ে স্থানীয় বিধায়িকা অজন্তা নেওগক আৰু পৰৱৰ্তী সময়ত সেইসময়ৰ উপায়ুক্ত পুলক মহন্তকো সাক্ষাৎ কৰিলে কিন্ত আশ্বাসৰ বাহিৰে একোকে নাপালে৷ জুমী দেৱীৰ অৰুণোদয় আচঁনিৰ ১২০০ টকাৰে এটা পৰিয়াল চলাটো অতি কঠিন৷ গতিকে পৰিয়ালটো আৰ্থিক সাহাৰ্যৰ প্ৰয়োজন বুলি জুমী দেৱীয়ে জানিবলৈ দিয়ে। 

মুখ্যমন্ত্ৰী গোলাঘাট