নিম্নবৰ্ণৰ লোকে ৰাখিব নোৱাৰিব দাড়ি-মোচ!

গুজৰাটত এজন দলিত যুৱকক পৰিপাটিকৈ দাঢ়ি-গোঁফ ৰখাৰ বাবে মাৰধৰ কৰাৰ অভিযোগ উঠিছে। ২৭ বছৰীয়া যুৱকজনৰ শহুৰেককো আক্ৰমণ কৰা হৈছে বুলি অভিযোগ। ঘটনাটোত মুঠ পাঁচজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ

New Update
f7f9a078-46a1-4a33-a25b-b143782faebd

ডিজিটেল ডেস্কঃগুজৰাটত এজন দলিত যুৱকক পৰিপাটিকৈ দাঢ়ি-গোঁফ ৰখাৰ বাবে মাৰধৰ কৰাৰ অভিযোগ উঠিছে। ২৭ বছৰীয়া যুৱকজনৰ শহুৰেককো আক্ৰমণ কৰা হৈছে বুলি অভিযোগ। ঘটনাটোত মুঠ পাঁচজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। আৰক্ষী সূত্ৰৰ মতে, ঘটনাটো ১১ আগষ্টত ঘটিছিল যদিও মঙলবাৰে আক্ৰান্ত দলিত যুৱকৰ পৰিয়ালে থানাত অভিযোগ দাখিল কৰাৰ পাছতেই ৰাজহুৱা হয়।

Advertisment

জানিব পৰা মতে, ১১ আগষ্টত সাগৰ মাকৱানাই বাইক লৈ শহুৰেকৰ ঘৰলৈ যোৱা সময়তে বাটত বাইকখন পৰি যায়। বাইকখন ঠেলি আগবাঢ়ি আহি থাকোঁতে, তেওঁৰ সুসজ্জিত দাঢ়ি-গোঁফ দেখি দুজন ব্যক্তিয়ে বাটত আগচি ধৰি তৰ্ক-বিতৰ্ক আৰম্ভ কৰে। অভিযোগমতে, তেওঁলোক অসভ্য ভাষা ব্যৱহাৰ কৰি কৈছিল যে তেওঁৰ দৰে নিম্নবৰ্ণৰ লোকে দাঢ়ি-গোঁফ ৰাখি ষ্টাইল কৰিব নোৱাৰিব। এই তৰ্ক-বিতৰ্কৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ শাৰীৰিক আক্ৰমণ-প্ৰত্যাক্ৰমণলৈ পৰিণত হয়।

অভিযোগ অনুসৰি, দলিত যুৱকজনক ৰাস্তাত পেলাই প্ৰহাৰ কৰা হৈছিল। কোনোমতে তাৰ পৰা তেওঁ শহুৰেক ঘৰলৈ যাবলৈ সমৰ্থ হয়। শহুৰেকে তেওঁক আশ্বাস দিয়ে যে যুৱকসকলৰ সৈতে কথা পাতি বিষয়টো মীমাংসা কৰিব। তাৰ পিছত সাগৰ আৰু তেওঁৰ শহুৰেকে আক্ৰমণকাৰীসকলৰ লগত কথা পাতিবলৈ আহোতে আকৌ তিনিজন সহযোগী আহি মুঠ পাঁচজন লগ জোৱায়েক আৰু শহুৰেকক প্ৰহাৰ কৰি পলায়ন কৰে।

পিছত, স্থানীয় বাসিন্দাসকলে দুয়োজনকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে আৰু পৰিয়ালৰ লোকক খবৰ দিয়ে। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী, আক্ৰান্তসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক। স্থানীয় সহকাৰী আৰক্ষী অধীক্ষক ৰোহিত কুমাৰে জনাইছে যে অভিযুক্তসকল একেখন গাঁৱৰে বাসিন্দা। ঘটনাৰ তদন্তৰ বাবে পুলিচৰ বিশেষ দল গঠন কৰা হৈছে আৰু অভিযুক্তসকলক বিচাৰি অভিযান আৰম্ভ কৰা হৈছে। সহকাৰী পুলিচ অধীক্ষকে সোনকালেই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আশ্বাস দিছে।

গুজৰাট