/asomiyapratidin/media/media_files/2025/09/10/301-2025-09-10-22-26-18.jpg)
ডিজিটেল সংবাদ, গোসাঁইগাঁও : গোসাঁইগাঁৱত জাতীয় সংগঠনৰ সভা লণ্ড-ভণ্ড কৰিলে কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে ৷ সভা চলি থকা অৱস্থাতে সুভান আলী সৰকাৰ নামৰ এজন কংগ্ৰেছ নেতাৰ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে অতৰ্কিতে সভাস্থলীত প্ৰৱেশ কৰি আক্ৰমণ চলায় ৷
উল্লেখ্য যে একাংশ কংগ্ৰেছ নেতাই বিটিচি নিৰ্বাচনৰ পূৰ্বে ভোট বিভাজন আৰু দালালি কৰি অহাৰ বিষয়টো যোৱা কেইটামান দিন গোঁসাইগাঁৱত চৰ্চিত হৈ আছিল। শুভান আলী সৰকাৰে কোটি কোটি টকা খাই বিটিচিত দালালি কৰি আহিছিল ৷
শুভান আলী সৰকাৰৰ বিভিন্ন তথ্য ফাদিল হোৱাৰ পাছত গোঁসাইগাঁৱত জাতীয় সংগঠনসমূহে শিমলটাপুৰ ৰাইজক লৈ এখন সভা অনুষ্ঠিত কৰে। সভাত বিষয়টোক লৈ আলোচনা চলি থকাৰ মাজতে হঠাৎ সুভান আলী সৰকাৰ নামৰ কংগ্ৰেছ নেতাজনৰ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে সভাস্থলীত প্ৰৱেশ কৰি আক্ৰমণ চলায়।
কংগ্ৰেছৰ গোফুৰ আলী আৰু মিণ্টু আলীৰ নেতৃত্বত ১৫-২০ জনীয়া এটা উদণ্ড যুৱকৰ দলে এই আক্ৰমণ চলায় বুলি অভিযোগ উত্থাপিত হৈছে৷ যুৱকৰ দলটোৱে সভাৰ চকী, মেজ, টেবুল আদি ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে অস্ত্ৰ হাতত লৈ বিভিন্নজনক শাৰীৰিকভাৱে আক্ৰমণ কৰে। এই কাৰ্যক জাতীয় সংগঠনসমূহে তীব্ৰ গৰিহণা দিয়াৰ লগতে এই কাৰ্যই কংগ্ৰেছ দলৰ একাংশ নেতাৰ দালাগিৰি, উদ্ভণ্ডালি উন্মোচিত কৰা বুলি মন্তব্য কৰে ৷
এই ঘটনাৰ পিছতে জাতীয় সংগঠনসমূহে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি গুণ্ডাবাহিনী কংগ্ৰেছ মুৰ্দাবাদ, শুভান আলী সৰকাৰ মুৰ্দাবাদ, কংগ্ৰেছৰ কাম নাই, শুভান আলী গ’ বেগ আদি শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে ৷