/asomiyapratidin/media/media_files/2025/12/29/1-2025-12-29-16-08-38.jpg)
ডিজিটেল ডেস্কঃ গহপুৰত গহপুৰ বিধান সভা সমষ্টি ভিত্তিত মহিলা অভিৰ্ৱতন। পূৱ ছয়দুৱাৰ আৰু ছয়দুৱাৰ ব্লক মহিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা মহিলা অভিৱৰ্তনত অংশগ্ৰহন কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিৰ্বাচনী ব্যৱস্থাপনা সমিতিৰ অধ্যক্ষ ৰিপুন বৰা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-image-2025-12-29-16-09-27.jpeg)
মীৰা বৰঠাকুৰে গহপুৰৰ মহিলা কংগ্ৰেছৰ অভিৱৰ্তনত উপস্থিত থাকি মন্তব্য কৰে যে- দলে যদি টিকট দিয়ে তেওঁ দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদন্ধিতা আগবঢ়াব।লগতে আমি ২৬ ত অথাৎ কংগ্ৰেছে ২৬ ত সুস্থ গনতান্ত্ৰিক চৰকাৰ গঠন কৰিম বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/65e51261-6f4.png)
ইপিনে অমিত শ্বাহ অসমলৈ অহাটো অভিনয়হে বুলি কটাক্ষ কৰে ৰিপুন বৰাই।বানপানীৰ সময়ত অসমলৈ নহা মোডী,অমিত শ্বাহে লেৰেলা সাদৰ দেখাবলৈ অসমলৈ আহিছে।অমিত শ্বাহ মোডী অসমলৈ অহাৰ পিছত আদানী আম্বানীক মাটি দিয়াৰ কথাহে উল্লেখ কৰে।অমিত শ্বাহ-মো়ডী অসমলৈ আহে সাপ হৈ খুটি বেজ হৈ জাৰিবলৈহে আহে। ১২৬ টা সমষ্টিৰ ভিতৰতে ১০০ টাত কংগ্ৰেছে প্ৰতিদন্ধিতা আগবঢ়াব। ২৬ টা এৰু দিব বিৰোধীক। মিত্ৰজোটৰ বাবে ২৬ খন আসনেই যথেষ্ট।
/asomiyapratidin/media/post_attachments/8ed2951c-e99.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us