গহপুৰৰ যুৱ নেতা ডা: শংকৰ জ্যোতি কুটুমক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত আদৰণি

১১ ডিচেম্বৰত গহপুৰৰ পূৱ ছয়দুৱাৰ আৰু ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটিয়ে ডাঃ শংকৰ জ্যোতি কুটুমক উস্ম আদৰণি জনোৱাৰ লগতে উক্ত অনুষ্ঠানত তেওঁৰ দুই শতাধিক সমৰ্থকে কংগ্ৰেছ দলত যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ, গহপুৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰাৰ পাছতে দলৰ মজিয়াত যথেষ্ট গুৰুত্ব বাঢ়িছে গহপুৰৰ যুৱ নেতা ডাঃ শংকৰ জ্যোতি কুটুমৰ।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ উপস্থিতিত ২৮ নৱেম্বৰত ডাঃ শংকৰ জ্যোতি কুটুমে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।

9413d215-29e1-4b6f-9d65-01feba971aa1

ইয়াৰ পাছত ১১ ডিচেম্বৰত গহপুৰৰ পূৱ ছয়দুৱাৰ আৰু ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটিয়ে ডাঃ শংকৰ জ্যোতি কুটুমক উস্ম আদৰণি জনোৱাৰ লগতে উক্ত অনুষ্ঠানত তেওঁৰ দুই শতাধিক সমৰ্থকে কংগ্ৰেছ দলত যোগদান কৰে। অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ, অসম চৰকাৰৰ প্ৰাক্তন পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী তথা আধুনিক গহপুৰ নিৰ্মাতা গনেশ কুটুমৰ চিকিৎসক পুত্ৰ ডাঃ শংকৰ জ্যোতি কুটুমে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত গহপুৰৰ কংগ্ৰেছৰ মজিয়াতো তেওঁৰ আদৰ বঢ়া পৰিলক্ষিত হৈছে।

f9f146e5-de52-4d8d-b81f-a09f2da12e52

আনফালে এআইচিচিৰ সাধাৰণ সম্পাদক তথা সাংসদ কে চি বেণু গোপাল,অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈকে ধৰি একাংশ শীৰ্ষ পৰ্যায়ৰ কংগ্ৰেছ নেতাৰ সৈতে এআইচিচিৰ নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত  ডাঃ শংকৰ জ্যোতি কুটুমে এক আলোচনাত ভাগ লোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। উক্ত আলোচনাকালত ডাঃ শংকৰ জ্যোতি কুটুমক আদৰণীও জনোৱা হয়।ডা: শংকৰ জ্যোতি কুটুমৰ এনেদৰে এপিচিচি আৰু এআইচিচিৰ মজিয়াত গুৰুত্ব বৃদ্ধি পোৱা বিষয়টোৱে গহপুৰৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চাৰ বিষয হৈ পৰিছে।২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে ডা: শংকৰজ্যোতি কুটুম গহপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব নেকি বুলিও এতিয়া সৰৱ চৰ্চা চলিছে ৰাজনৈতিক পৰ্যবেক্ষক সকলৰ মাজত।

গহপুৰ