/asomiyapratidin/media/media_files/2025/11/21/1-2025-11-21-17-39-45.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰত নিধিৰাম চৰ্দাৰৰ দৰে হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট আৰক্ষী।হেলমেট অবিহনে বাইক-স্কুটি চলোৱা চালকক জৰিমনা বিহাৰ বাহিৰে অপৰাধ নিয়ন্ত্ৰণত চূড়ান্ত ভাবে ব্যৰ্থ হৈছে গহপুৰ আৰক্ষী।গহপুৰ আৰক্ষীৰ নাকৰ তলতেই ধাৰাবাহিক ভাবে সংঘটিত হৈ থকা চুৰিকাণ্ডই গহপুৰ আৰক্ষীৰ ফোপোলা স্বৰূপ দাঙি ধৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/whatsapp-2025-11-21-17-40-29.jpeg)
উল্লেখযোগ্য যে-গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ পথৰ দাঁতিত ৰখাই থোৱা এখন বাহনৰ আইনা ভাঙি যোৱা ১৭ নৱেম্বৰৰ দিনা দিনৰ প্ৰায় ২-১৫ বজাত নগদ ২ লাখ ৫৫ হাজাৰ টকা লৈ যোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ গহপুৰৰ চতিয়াচুকৰ এটা পৰিয়ালৰ ঘৰৰ দুৱাৰৰ তলা ভাঙি সোণৰ আ-অলংকাৰ লা উধাও হয় চোৰ ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/whatsapp-pm-2025-11-21-17-40-51.jpeg)
জানিব পৰা মতে-গহপুৰ আৰক্ষী থানাৰ পৰা নাতি দূৰত অৱস্থিত গহপুৰ নগৰৰ চতিয়াচুক নিবাসী মাধৱ প্ৰতীম বৰুৱাই বৃহস্পতিবাৰে নিশা তেওঁৰ পুৰণি গৃহ হাৱাজানৰ হিলৈপৰীয়া বড়ীলৈ পত্নীসহ ৰাস চাবলৈ বুলি গৈছিল। যোৱাৰ সময়ত আৰ চি চি ঘৰটোৰ দুৱাৰ খিৰিকী ভালদৰে বন্ধ কৰি যোৱাৰ লগতে প্ৰথমখন মূল লোৰ দুৱাৰৰ উপৰিও দ্বিতীয়খন কাঠৰ দুৱাৰত তলা মাৰি গৈছিল তেওঁলোক। কিন্তু চুবুৰীয়া এটা পৰিয়ালে নিশা প্ৰায় ১২ বজাত মাধৱ প্ৰতীম বৰুৱাৰ ঘৰটোৰ তলা ভঙাৰ শব্দ শুনি পোৱাত লগে লগে ফোন যোগে মাধৱ প্ৰতীম বৰুৱাক অৱগত কৰে চুবুৰীয়া পৰিয়ালটোৱে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/whatsapp-image-2025-11-21-17-41-08.jpeg)
প্ৰাণিধানযোগ্য যে নিশা প্ৰায় ১২-৪৫ বজাত পত্নীসহ মাধৱ প্ৰতীম বৰুৱা আহি ঘৰ পায়। সমসাময়িক ভাবে গহপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলো উপস্থিত হয় তেওঁলোকৰ বাসগৃহত। কিন্তু আৰক্ষী আৰু পত্নীসহ মাধৱ প্ৰতীম বৰুৱা ঘৰ আহি পোৱাৰ আগে আগে সোণৰ আ-অলংকাৰ লৈ পলায়ন কৰে চোৰৰ দলটোৱে । মাধৱ প্ৰতীম বৰুৱাই জানিবলৈ দিয়ে - চোৰে মূল দুৱাৰৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ লগতে গডৰেজৰ তলা ভাঙি গডৰেজটোত থকা সকলো সোণৰ আ-অলংকাৰ লৈ যায়। চুৰি চক্ৰটোৱে সোণৰ আ অলংকাৰৰ মাজৰ পৰা বাচি বাচি এৰি থৈ যায় কেঁচা সোণৰ গহনা সমূহ। মাধৱ প্ৰতীম বৰুৱাই দিয়া মন্তব্য মতে - চুৰি চক্ৰটোৱে প্ৰায় ৪ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ নিয়ে।
উল্লেখযোগ্য যে গহপুৰত অব্যাহত থকা এনেধৰণৰ ধাৰাবাহিক চুৰি কাণ্ডই স্থানীয় ৰাইজক গভীৰ নিৰাপত্তাহীনতাত ভোগোৱাৰ লগতে গহপুৰ আৰক্ষীৰ অস্তিত্বক লৈ প্ৰশ্ন উথাপন কৰিবলৈ বাধ্য হৈছে সচেতন ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us