/asomiyapratidin/media/media_files/2026/01/17/ujjjdd-2026-01-17-10-28-35.jpg)
ডিজিটেল সংবাদ, গহপুৰ: জনসাধাৰণৰ সম্পত্তিৰ নিৰাপত্তা দিয়াত চুড়ান্ত ভাবে ব্যৰ্থ হৈছে গহপুৰ আৰক্ষী।গহপুৰ আৰক্ষীৰ অকৰ্মণ্যতা আৰু সোপাঢিলা নীতিৰ বাবে গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক ভাবে সংঘটিত হ'বলৈ লৈছে চুৰি কাণ্ড।
গহপুৰ আৰক্ষীয়ে চুৰি কাণ্ড সমূহৰ গোচৰ পঞ্জীয়ন কৰাৰ বাহিৰে চোৰ ধৰাত চুড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ বাবে আৰক্ষীৰ ওপৰত এতিয়া আস্থা আৰু বিশ্বাস নোহোৱা হৈছে গহপুৰৰ ভুক্তভোগী ৰাইজৰ।গহপুৰত অব্যাহত থকা এনেধৰণৰ চুৰি কাণ্ডৰ মাজতে শুক্ৰবাৰে দিন দুপৰতে চেংমৰাৰ সদা ব্যস্ত এলেকাত সংঘটিত হয় এক ভয়ানক চুৰি কাণ্ড।
গহপুৰ আৰক্ষী থানাৰ অধীনস্থ হাৱাজান আৰক্ষী চকীৰ এলেকাধীন চেংমৰা নিবাসী মাণিক গগৈৰ বাসগৃহত সংঘটিত হোৱা এই চুৰি কাণ্ডই গহপুৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ আকৌ এবাৰ উন্মোচিত কৰি তুলিলে।জানিব পৰামত-মানিক গগৈৰ শিক্ষয়িত্ৰী পত্নী বিদ্যালয়লৈ যোৱাৰ পিছত মাণিক গগৈয়ো ঘৰৰ পৰা ওলাই গৈছিল কিবা কামত।
যোৱাৰ সময়ত তেওঁলোকৰ আৰ চি চি ঘৰটোৰ দুৱাৰ খিৰিকী আটাইবোৰ বন্ধ কৰি গৈছিল তেওঁলোকে।তদুপৰি মূল দুৱাৰত ভালদৰে তলা মৰাও হৈছিল।আজি বিয়লি প্ৰায় ৩ বজাত দুয়ো ঘৰ আহি পাই দেখে যে তেওঁলোকৰ পিছফালৰ লোৰ দুৱাৰত মাৰি থৈ যোৱা তলাটো ভঙা অৱস্থাত আছে।ইয়াৰ পিছত ভিতৰলৈ সোমাই গৈ শোৱনি কোঠাৰ আলমাৰী,গডৰেজ আদি থানবান হৈ থকাত চোৰ সোমোৱা বুলি তেওঁলোক নিশ্চিত হয়।
চুৰি চক্ৰটোৱে তেওঁলোকৰ শোৱনি কোঠাৰ আলমাৰিৰ ভিতৰৰ পৰা নগদ ১২ হেজাৰ ৬০০ টকাসহ ৭ লক্ষাধিক টকাৰ টকাৰ সোনৰ আ-অলংকাৰ লৈ যোৱা বুলি মাণিক গগৈয়ে জানিবলৈ দিছে।ঘটনাৰ খবৰ পোৱাৰ পিছত নিয়মমাফিক ভাবে হাৱাজান আৰক্ষী চকীৰ আৰক্ষী মাণিক গগৈৰ ঘৰত উপস্থিত হৈ চুৰি কাণ্ডৰ বুজ লয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us