এগৰাকী প্ৰচাৰবিমুখ নিপুন ভাস্কৰ্য শিল্পী

ভাস্কৰ্য শিল্পী দিগন্ত গোহাঁইৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল বহু বিশিষ্ট লোকৰ ছবি ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-21 at 12.08.41 PM

ডিজিটেল সংবাদ,বিশ্বনাথঃ মনত অদম্য সাহস, হেপাঁহ আৰু সপোন থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি। মাথোঁ  নিজৰ ওপৰত আত্ম বিশ্বাসৰ প্ৰয়োজন। ঠিক তেনেদৰেই নিজক সপোনক বাস্তবায়িতৰ ৰূপ দিছে এগৰাকী অধ্যাপকে। 

WhatsApp Image 2025-11-21 at 11.47.57 AM

উল্লেখ্য যে, বিশ্বনাথ  জিলাৰ গহপুৰ সমষ্টিৰ এগৰাকী বিশেষ ভাস্কৰ্য শিল্পী। তেওঁ জীৱন্তৰূপে নিৰ্মাণ কৰি উলিয়াইছে বহু গণ্যমান্য লোকৰ প্ৰতিমূৰ্তি ৷ তেওঁৰ নিপুণ হাতৰ পৰশত নিৰ্জীৱ কাঠ,গছৰ বাকলি, পেলনীয়া নাৰিকলৰ কোৰোকা ,বাহঁ,নাৰিকল গছৰ পাত,গছৰ শিপা এটুকুৰাইও প্ৰাণ পাই উঠে বিশিষ্ট লোকসকলৰ ছবিত। 

WhatsApp Image 2025-11-21 at 11.47.56 AM (1)

তাৰোপৰি  সৰুৰে পৰাই শিল্পকলাৰ প্ৰতি অশেষ ৰাপ থকা এই শিল্পী গৰাকীৰ হৈছে দিগন্ত গোহাঁই। তেওঁ  গহপুৰ সমষ্টিৰ  উচ্চ শিক্ষা আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক।  চাকৰি জীৱনৰ আজৰি সময় খিনিৰ লগতে বৰ্তমানৰ অৱসৰী সময়খিনিত এনেদৰে অব্যাহত  আছে ভাস্কৰ্য শিল্পৰ সাধনা ।

WhatsApp Image 2025-11-21 at 11.47.56 AM

প্ৰামিধানযোগ্য যে দিগন্ত গোহাঁইৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য, শ্ৰদ্ধাৰ প্ৰাণৰ   শিল্পী ড০ ভূপেন হাজৰিকা, মহামানৱ মহাত্মা গান্ধী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, বিশ্বগুৰু ৰবিন্দ্ৰ নাথ ঠাকুৰ আদিৰ সাইলাখ প্ৰতিকৃতি। এই  প্ৰতিকৃতিসমূহ তেওঁৰ হাতত জীয়াই তুলিবলৈ প্ৰয়াস কৰিছে ভাস্কৰ্য শিল্পী দিগন্ত গোহাঁইয়ে।

WhatsApp Image 2025-11-21 at 11.47.57 AM

গহপুৰ