গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটিলে ২ লাখ ৫৫ হাজাৰ টকা

গহপুৰ নগৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ সন্মুখতে সংঘটিত চাঞ্চল্যকৰ ঘটনা। পথৰ কাষত ৰখাই থোৱা এখন বাহনৰ আইনা ভাঙি দিন দুপৰতে নগদ ২ লাখ ৫৫ হাজাৰ টকা লৈ উধাও দুৰ্বৃত্ত।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-17 at 6.40.27 PM

ডিজিটেল সংবাদ,গহপুৰঃ  গহপুৰ নগৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ সন্মুখতে সংঘটিত চাঞ্চল্যকৰ ঘটনা। পথৰ কাষত ৰখাই থোৱা এখন বাহনৰ আইনা ভাঙি দিন দুপৰতে নগদ ২ লাখ ৫৫ হাজাৰ টকা লৈ উধাও দুৰ্বৃত্ত।  

উসল্লেখ্য যে গহপুৰৰ পুৰূপবাৰীত থকা ভাৰত পেট্ৰলিয়াম তেল ডিপোৰ মুকেশ কুমাৰ নামৰ কৰ্মচাৰী এজনে তেল বিক্ৰীৰ নগদ ২ লাখ ৫৫ হাজাৰ টকা সমীপৱৰ্তী ভাৰতীয় ষ্টেট বেংকৰ বালিজান শাখাত জমা কৰিবলৈ বুলি আহিছিল। কিন্তু  সেই টকাখিনি কৰ্মচাৰীজনে বেংকত  জমা থোৱাৰ পূৰ্বে অন্য এটা কামত গহপুৰ চক্ৰ বিষয়া কাৰ্যালয়লৈ যোৱা পৰিলক্ষিত হয়।

আনফালে, তেওঁ লৈ অহা ASO7Y2306 নম্বৰৰ বাহনখন ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ পথৰ দাঁতিত ৰখাই চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যায়। চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা  ১৫ ৰ পৰা ২০ মিনিটৰ ভিতৰত  কাম সমপূৰ্ণ কৰি উভতি আহে উভতি অহা পাছত তেওঁ লক্ষ্য কৰে বাহনখনৰ  চালকৰ আসনৰ দৰ্জাৰ আইনা ভাঙি থকা অৱস্থাত । 

উল্লেখ্য যে বেংকত থবলৈ অনা টকাখিনি চালকৰ আসনৰ কাষত এটা পলিথিনৰ মোনাত ভৰাই আনিছিল। কিন্তু অতি আচৰিত কথা এয়ে যে কোনো অচিনাক্ত দুৰ্বৃত্তই আইনা ভাঙি লৈ যায় সেই নগদ ২ লাখ ৫৫ হাজাৰ টকা। 

আনপিনে মুকেশ কুমাৰে  দিয়া ভাষ্য মতে  টকাখিনি ভৰাই অনা পলিথিনৰ বেগটো সেই স্থানতে এৰি থৈ যায় দুৰ্বৃত্তই। তদুপৰি বেগটোত থকা দুখন চেক বহীও এৰি থৈ যায় দুৰ্বৃত্তই। টকাখিনি লৈ অহা বেগটো ছিটৰ ওপৰতে এৰি বেগৰ পৰা টকাখিনি উলিয়াই নিয়া ঘটনাটোৱে ৰহস্যজনক কৰি তুলিছে সকলোকে ।

আনফালে ঘটনাৰ খৱৰ পোৱাৰ পাছত গহপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে।গহপুৰ নগৰৰ এটা অতি ব্যস্ত পূৰ্ণ ঠাইৰ পৰা এনেদৰে দিন দুপৰতে গাড়ীৰ আইনা ভাঙি নগদ ধন লৈ যোৱা ঘটনাই স্বাভাৱিকতে আচৰিত কৰি তুলিছে সকলোকে।

গহপুৰ