/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/f39827b6-0630-4fad-8042-cb3e4f786e79.jpg)
ডিজিটেল ডেস্কঃ লকডাউনৰ সময়চোৱাত বিপদত পৰিছে গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকল। এইলোকসকলক এই সময়ত বিভিন্নজনে পাৰ্যমানে সহায় কৰিছে। সংকটৰ এই সময়ত আগবাঢ়ি আহিছে এগৰাকী মানৱ দৰদী মহিলা। তেওঁৰ নাম বালিকা কলিতা । ঘৰ গহপুৰ নগৰৰ ৫ নং ৱাৰ্ডৰ চত্ৰং মাজগাঁৱত।
আনৰ দুখ সহিব নোৱাৰা মৰমিয়াল,কঠোৰ পৰিশ্ৰমী মহিলাগৰাকীয়ে শনিবাৰে গহপুৰ ৰেলৱে ষ্টেচনৰ সমীপৰ কটকীয়া চুকৰ ১৫ ঘৰ দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে কিছু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা । কেৱল আজিয়েই নহয় লকডাউনৰ সময়চোৱাত বহু দৰিদ্ৰ পৰিয়ালক প্ৰদান কৰিব সামৰ্থ অনুযায়ী সহায় কৰি আহিছে কলিতাই ।তেখেতৰ সামাজিক দায়বদ্ধতাক ৰাইজে শলাগ লৈছে।