গহপুৰৰ গমিৰিৰ জ্যোতিপ্ৰসাদৰ স্মৃতি বিজড়িত এটা বিশেষ ঘৰ...

গহপুৰ সমজিলাত থকা এটা বিশেষ বাসগৃহৰ ইতিহাস জানিলে হয়তো আজিৰ প্ৰজন্মৰ সকলোৱেই আচৰিত হৈ পৰিব। কাৰণ এই ঘৰটো ১৯০০ চনৰ নহয়। বৃট্ৰীছৰ দিনত গহপুৰৰ যাতায়াতৰ ক্ষেত্ৰখনৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, গহপুৰ: গহপুৰ সমজিলাত থকা এটা বিশেষ বাসগৃহৰ ইতিহাস জানিলে হয়তো আজিৰ প্ৰজন্মৰ সকলোৱেই আচৰিত হৈ পৰিব। কাৰণ এই ঘৰটো ১৯০০ চনৰ নহয়। বৃট্ৰিছৰ দিনত গহপুৰৰ যাতায়াতৰ ক্ষেত্ৰখনৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ গমিৰি অঞ্চলত থকা এই বাসগৃহটো নিৰ্মাণ কৰা হৈছিল ১৮০০চনৰ শেষ ভাগত।

উল্লেখ্য যে, আজিৰ পৰা প্ৰায় ১৮০ বছৰ আগতে ৰাজস্থানৰ পৰা ব্যৱসায় সংক্ৰান্তত অসমলৈ অহি মোনাবাৰী চাহ বাগিচাৰ কাঠনিবাৰী অঞ্চলত থিতাপি লৈছিল ভূড়ামল মুৰাৰকা নামৰ ব্যক্তিজনে। কিন্তু ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়াত কাঠনিবাৰী অঞ্চল জাহ যোৱাত ভুড়ামল মুৰাৰকাই আনুমানিক ১৮৪৪ চনত গহপুৰৰ গমিৰিলৈ আহি উক্ত অঞ্চলৰে স্থায়ী বাসিন্দা হৈ পৰে।

গমিৰি অঞ্চলৰ স্থায়ী বাসিন্দা হৈ পৰা ভূড়ামল মুৰাৰকাই ১৮৯৮ চনত উক্ত দুই মহলীয়া ঘৰ নিৰ্মাণ কৰে। তেতিয়াৰ দিনতে বিদেশৰ পৰা টিনপাট আনি, নিজৰ গৃহতে ইটা তৈয়াৰ কৰি নিৰ্মাণ কৰা ঘৰটোত চিমেন্টৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিল মাটিমাহ, কণী আদিৰ মিশ্ৰণৰে তৈয়াৰী পদাৰ্থৰে।

স্মাতৰ্ব্য যে সেই সময়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ভূড়ামল মুৰাৰকাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত চিত্ৰগ্ৰহণ কৰা প্ৰথম অসমীয়া কথাছবি 'জয়মতী' নিৰ্মাণৰ ক্ষেত্ৰত অৰ্থৰ যোগান ধৰিছিল। ভূড়ামল মুৰাৰকাৰ ভূড়ামল মোৰাৰকাৰৰ ভূড়ামল ফাইনেঞ্চ কোম্পানীয়ে 'জয়মতী' কথাছবিৰ লগতে ভোলাগুৰি চাহ বাগিচাৰ বাবেও অৰ্থৰ যোগান ধৰিছিল।

কিন্তু ১৯৪৭ চনত বৰ্তমানৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৰঙাবৰীত হনুমান ৰাইচ মিল প্ৰতিষ্ঠা কৰি মুৰাৰকা পৰিয়াল বৰঙাবাৰীৰ স্থায়ী বাসিন্দা হৈ পৰে। ভূড়ামল মুৰাৰকা, তেখেতৰ পুত্ৰ কেশৰীলাল মুৰাৰকা আৰু নাতি দামোদৰ মুৰাৰকা বৰ্তমান জীৱিত অৱস্থাত নাই যদিও ১৮৯৮ চনত নিৰ্মাণ কৰা ঘৰখন বৰ্তমানেও আগৰ দৰেই আছে।

পৰৱৰ্তী সময়ত ভূড়ামন মুৰাৰকাৰ নাতি দামোদৰ মুৰাৰকাই নিজৰ ককাকে নিৰ্মাণ কৰা গৃহটো ভাগিন সকলক অৰ্পন কৰে।বৰ্তমান উদয় চন্থলীয়া, ৰাজু চন্থলীয়া আৰু তেখেতলোকৰ পুত্ৰ ক্ৰমে ঋষভ চন্থলীয়া, ৰজত চন্থলীয়াই নিজৰ ব্যৱসায় প্ৰতিষ্ঠান চলাই থকা ঐহিহাসিক বাসগৃহটোতে  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজৰিত এখন বিশেষ আসনো দেখিবলৈ পোৱা যায়।

১৯৫০ চনৰ বৰভূঁইকত কোনো ধৰণৰ ক্ষতিসাধন নোহোৱা ১২৭ বছৰ অতিক্ৰম কৰা উক্ত বাগৃহটোৰ ওপৰ মহলাৰ কাঠ কিছু পৰিমানে নষ্ট হৈছে যদিও সামগ্ৰিক ভাবে ঘৰটো বসৱাসৰ উপযোগী হৈ আছে। নিজৰ আজোককাৰ দিনৰ বাগৃহটোতে সুদীৰ্ঘ বছৰ ধৰি ব্যৱসায় চলাই থকা বাসগৃহটোৰ আজিলৈকে কোনো ধৰণৰ মেৰামতি কৰিব লগা হোৱা নাই চন্থলীয়া পৰিয়ালে।

আজোককাৰ স্মৃতি স্বৰূপ গৃহটো ভাগি নতুন গৃহ এটাৰ নিৰ্মাণৰো পৰিকল্পনা নকৰা চন্থলীয়া পৰিয়ালে উক্ত বাসগৃহটো এইদৰে সংৰক্ষন কৰি থবলৈ পায় গৌৰৱ অনুভৱ কৰে। উদয় চন্থলীয়া, ৰাজু চন্থলীয়া, ঋষভ চন্থলীয়া, ৰজত চন্থলীয়া, অঞ্চল চন্থলীয়া আৰু চাহত চন্থলীয়াই উক্ত বাসগৃহৰ স্মৃতিক সদায় সজীৱ কৰি ৰাখিবলৈ প্ৰয়াস চলাই থকা কাৰ্য প্ৰকৃতাৰ্থত অতি আদৰণীয়।

গহপুৰ