দুই ছাত্ৰৰ সফলতাত উৎফুল্লিত বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিয়াল...

গহপুৰ সমজিলাৰ অন্তৰ্গত বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ প্ৰাক্তন মেধাৱী ছাত্র মনদীপ বৰা বৰঙাবাৰী নিৱাসী এটি শিক্ষিত আৰু সাংস্কৃতিক পৰিয়াল তথা জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত

author-image
Asomiya Pratidin
New Update
neet

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ সমজিলাৰ অন্তৰ্গত বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ প্ৰাক্তন মেধাৱী ছাত্র মনদীপ বৰা বৰঙাবাৰী নিৱাসী এটি শিক্ষিত আৰু সাংস্কৃতিক পৰিয়াল তথা জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অনুপম বৰা আৰু বিশিষ্ট শিল্পী যমুনা বৰাৰ পুত্ৰ।

একেদৰে একেখন বিদ্যালয়ৰে প্ৰাক্তন মেধাৱী ছাত্র মহৰ্ষি ৰঞ্জন অলিম্বীয়ান ঘাঁহিগাঁও নিবাসী তথা আনন্দ চন্দ্ৰ আগৰৱালা ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰবক্তা বিচুলাল দে আৰু ৰুমা দে'ৰ সুযোগ্য সন্তান।মৰ্ণিংষ্টাৰ হাইস্কুল বৰঙাবাৰীৰ দুয়োগৰাকী ছাত্ৰই ২০২৫ বৰ্ষৰ নীট পৰীক্ষাত উত্তীৰ্ণ হৈ  ক্ৰমে লক্ষিমপুৰ মেডিকেল কলেজ আৰু অসম মেডিকেল কলেজ,ডিব্ৰুগড়ত  এম বি বি এচ পাঠ্যক্ৰমত নামভৰ্ত্তিৰ যোগ্যতা অৰ্জন কৰিছে।

ছাত্র দুগৰাকীৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিয়ালবৰ্গ।দুয়োগৰাকী ছাত্ৰৰ প্ৰতি মৰ্ণিং ষ্টাৰ হাইস্কুলৰ হৈ পৰিচালন সঞ্চালক যাদৱ চলিহাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ আগন্তুক শৈক্ষিক যাত্ৰাত সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন থকাৰ বাবে আশা প্ৰকাশ কৰিছে।

গহপুৰ