/asomiyapratidin/media/media_files/2026/02/15/3-2026-02-15-11-50-42.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ শাসকীয় বিজেপি চৰকাৰে গ্ৰহণ কৰা কেতবোৰ ব্যয়বহুল আঁচনি কেৱল চমকৰ বাহিৰে যে আন একো নহয় সেয়া গহপুৰৰ ঘাঁহিগাঁও কৃষি জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰটোৰ ক্ষেত্ৰত ১০০ শতাংশ প্ৰযোজ্য হৈছে। কোটি টকীয়া এই কেন্দ্ৰটো মাত্ৰ এবছৰতে পৰিণত হৈছে এৰাবাৰীলৈ।গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই ফিটা কাটি শুভ উদ্বোধন কৰা উক্ত কেন্দ্ৰটোৰ যোৱা এবছৰে তলা খোল নোখোৱা কাৰ্য্যই আচৰিত কৰি তুলিছে গহপুৰৰ খাটিখোৱা কৃষক ৰাইজক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-imag-2026-02-15-11-51-22.jpeg)
গহপুৰ মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ৰ অধীনস্থ ঘাঁহিগাঁও কৃষি চক্ৰৰ বাবে মিছামাৰী গাঁও পঞ্চায়তৰ মিছামাৰীত নিৰ্মাণ কৰা এই দুই মহলীয়া কেন্দ্ৰটোত বাতানুকুল যন্ত্ৰ,বিদ্যুতৰ সুবিধা, ৰানিং ৱাটাৰকে ধৰি সকলো সুবিধা আছে। আটকধুনীয়াকৈ বিষয়াৰ আবাসগৃহও সংলগ্ন হৈ আছে এই কেন্দ্ৰটোত। ঘাঁহিগাঁও কৃষি চক্ৰৰ ১১ খন গাঁও পঞ্চায়তৰ ১১০ খন গাঁও সামৰি স্থাপন কৰা হৈছে এই কেন্দ্ৰটো। কৃষকসকলৰ যাৱতীয় কৃষি প্ৰশিক্ষণ আৰু দিহা-পৰামৰ্শৰ বাবে স্থাপন কৰা এই কেন্দ্ৰটোৰ কাগজে কলমে পৰিচালনাৰ দায়িত্বত আছে ঘাঁহিগাঁও কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া অদিতি বৰুৱা। তদুপৰি অদিতি বৰুৱাৰ অধীনত এই কেন্দ্ৰটোত নিয়োজিত হৈ আছে ৮ গৰাকীকৈ কৃষি সম্প্ৰসাৰণ সহায়ক। কিন্তু আচৰিত কথা এয়ে যে যোৱা এবছৰ ধৰি এইগৰাকী কৃষি উন্নয়ন বিষয়া অদিতি বৰুৱা আৰু কৃষি সম্প্ৰসাৰণ সহায়ক সকলৰ ছাঁ টোকে দেখা নাই ১১০ খন গাঁৱৰ মেহনতি কৃষক ৰাইজে। যাৰ ফলত প্ৰাপ্য চৰকাৰী সা-সুবিধা আৰু যাবতীয় কৃষি প্ৰশিক্ষণৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে গমিৰি,আমতলা,মিছামাৰী, টকৌবাৰী, কাৰিবিল, নলনীবাৰী, কেঁকুৰীজান,আমজাৰণি,হেলেম,জালুকবাৰী আৰু টেটোনবাৰী গাঁও পঞ্চায়তৰ সহস্ৰাধিক কৃষক ৰাইজ।
উল্লেখ্য যে, কেৱল কাগজে কলমেহে চলি থকা এই কেন্দ্ৰটোৰ পৰিচালনাৰ দায়িত্বত থকা সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া অদিতি বৰুৱাৰ পৰা অঞ্চলটোৰ কৃষক ৰাইজ মুঠেও উপকৃত নোহোৱাৰ অভিযোগ উথাপিত হৈছে। এই কেন্দ্ৰটোত কৃষক সকলক সংঘবদ্ধ কৰোৱাৰ ক্ষেত্ৰত চূড়ান্ত ভাবে ব্যৰ্থ হৈছে অদিতি বৰুৱা। কেৱল সেয়াই নহয়, উক্ত ৮ গৰাকী কৃষি সম্প্ৰসাৰণ সহায়ক ধুমকেতুৰ দৰেহে কেতিয়াবা কৃষক সকলৰ খেতি পথাৰত উপস্থিত হয়। এটা বৃহত্তৰ অঞ্চল সামৰি থকা এই কেন্দ্ৰটোত এবছৰ ধৰি তলা ওলমি থকাৰ বাবে ভুক্তভোগী কৃষক ৰাইজে বাটকুৰি বাই গহপুৰ মহকুমা কৃষি বিভাগৰ কাৰ্যালয়লৈ তাঁত-বাটি কৰিবলগীয়া হৈ আহিছে। দায়িত্বশীল কৃষি উন্নয়ন বিষয়াগৰাকীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে মাত্ৰ এবছৰতে মৃত্যু ঘণ্টা বজা উক্ত জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰটো সময় থাকোতেই উপযুক্ত সঞ্চালন কৰাৰ সুব্যৱস্থা কৰি কেন্দ্ৰটোত সংশ্লিষ্ট কৃষি উন্নয়ণ বিষয়া আৰু কৃষি সম্প্ৰসাৰণ সহায়ক সকলৰ উপস্থিত নিয়মীয়া কৰাৰ ওপৰত গুৰুত্ব দিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে গহপুৰৰ বিধায়ক আৰু বিশ্বনাথ জিলাৰ জিলা আয়ুক্তৰ ওচৰত কঠোৰ দাবী জনাইছে ১১০ খন খাটিখোৱা কৃষক ৰাইজে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-image-2-2026-02-15-11-51-37.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us