গহপুৰৰ এপিটাইছিয়া লাৰ্ণিং হাবৰ চমকপ্ৰদ সাফল্য

শিক্ষাৰ্থীৰ এনে সফলতাই সকলোকে আনন্দ দিয়ে বুলি উল্লেখ কৰে শিক্ষক নৱদীপ শইকীয়াই। এপিটাইছিয়াৰ মজিয়াৰ পৰা সফলতা লাভ কৰা শিক্ষাৰ্থী সকল হৈছে- দশম শ্ৰেণীৰ নিশিতা বৰমুদৈ, অন্বেষা দাস, পুৰ্নভ বৰা আৰু নৱম শ্ৰেণীৰ কৃষ্টি চুতীয়া, গুঞ্জন চাহা।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গহপুৰঃ পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক নৱদীপ শইকীয়া আৰু গণিত বিষয়ৰ শিক্ষয়িত্ৰী উপমা মহন্তৰ দ্বাৰা পৰিচালিত গহপুৰৰ অন্যতম নিৰ্ভৰযোগ্য শৈক্ষিক প্ৰতিষ্ঠান এপিটাইছিয়া লাৰ্ণিং হাবে এইবৰ্ষ ফিজিক্স অলিম্পিয়াড পৰীক্ষাৰ ফলাফলত চমকপ্ৰদ সফলতা লাভ কৰিছে।প্ৰতিবছৰৰ দৰে এইবছৰো এপিটাইছিয়াৰ মজিয়াৰ পৰা অসম ফিজিক্স অলিম্পিয়াড - ২০২৫ ত নিজ নিজ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি পাঁচ গৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। 

WhatsApp Image 2025-12-31 at 9.55.47 AM (1)

উল্লেখ্য যে, তেওঁলোকৰ এই শৈক্ষিক প্ৰতিযোগিতাৰ পৰিক্ৰমাত এপিটাইছিয়াৰ মাধ্যমেৰে পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক তথা এপিটাইছিয়া লাৰ্ণিং হাবৰ পৰিচালক নৱদীপ শইকীয়াই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট আনন্দ প্ৰকাশ কৰিছে। শিক্ষাৰ্থীৰ এনে সফলতাই সকলোকে আনন্দ দিয়ে বুলি উল্লেখ কৰে শিক্ষক নৱদীপ শইকীয়াই। এপিটাইছিয়াৰ মজিয়াৰ পৰা সফলতা লাভ কৰা শিক্ষাৰ্থী সকল হৈছে- দশম শ্ৰেণীৰ নিশিতা বৰমুদৈ, অন্বেষা দাস, পুৰ্নভ বৰা আৰু নৱম শ্ৰেণীৰ কৃষ্টি চুতীয়া, গুঞ্জন চাহা।

WhatsApp Image 2025-12-31 at 9.55.47 AM

গহপুৰ