গহপুুৰৰ মিকিৰ বৰাচুকত বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত

দেওবাৰে দিনৰ  ১১বজাৰ পৰা মিকিৰ বৰাচুক বৰনামঘৰত সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। ভৱানী যুৱক সংঘৰ সম্পাদক তথা সিমান্তিকা মইনা পাৰিজাতৰ সভাপতি হৰেণ বৰাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটোৰ আৰম্ভণীৰ পুৰ্ৱে বায়োজ্যেষ্ঠ সকলে ৰাসোৎসৱ ভাগৰ নাট সামৰণী নিয়ম সম্পন্ন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গহপুৰঃ  গহপুৰৰ মিকিৰ বৰাচুক গাঁৱৰ ভৱানী যুৱক সংঘ আৰু সিমান্তিকা মইনা পাৰিজাতৰ উদ্যোগত যোৱা ২৬নৱেম্বৰত ষাঠীৰোদ্ধৰ বয়োজ্যেষ্ঠ সকলৰ দ্বাৰা শ্ৰীকৃষ্ণৰ ৰাসোৎসৱ পৰিৱেশন কৰা হৈছিল। উক্ত ৰাসোৎসৱ ভাগৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা, নাট পৰিচালনা কৰা, গায়ন-বায়ন পৰিৱেশন কৰা আৰু অন্যান্য কামত সহযোগিতা আগবঢ়োৱা বয়োজ্যেষ্ঠ সকলৰ মিকিৰ বৰাচুক গাঁৱৰ ইতিবাচক সংবাদ পৰিৱেশন কৰা এগৰাকী সংবাদদাতাক ভৱানী যুৱক সংঘ আৰু সিমান্তিকা মইনা পাৰিজাতৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। 

0f4d55b8-2dd5-440a-8654-efba6235cbf4

এই উপলক্ষে দেওবাৰে দিনৰ  ১১বজাৰ পৰা মিকিৰ বৰাচুক বৰনামঘৰত সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। ভৱানী যুৱক সংঘৰ সম্পাদক তথা সিমান্তিকা মইনা পাৰিজাতৰ সভাপতি হৰেণ বৰাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটোৰ আৰম্ভণীৰ পুৰ্ৱে বায়োজ্যেষ্ঠ সকলে ৰাসোৎসৱ ভাগৰ নাট সামৰণী নিয়ম সম্পন্ন কৰে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মিকিৰ বৰাচুক গাঁৱত অনুষ্ঠিত হৈ যোৱা শ্ৰীকৃষ্ণৰ ৰাসোৎসৱ ভাগত অভিনয়, নাটপৰিচালনা, বাদ্য সংগত লগতে অন্যান্য দিশৰ সহযোগিতা আগবঢ়োৱা ৬২ গৰাকীকৈ বয়োজ্যেষ্ঠক আৰু ছপা মাধ্যমৰ গহপুৰৰ এগৰাকী সংবাদদাতা তথা গীতিকাৰ ৰমেন বৰাকো ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা হয়। 

ad822b0d-90e6-44cb-a12c-5d58cc0067a6

উল্লেখ্য যে মিকিৰ বৰাচুক গাঁৱৰ ঐতিহ্য, কলা-সংস্কৃতি, ব্যক্তি বিশেষৰ উপৰিও গাঁওখনৰ যুৱ প্ৰতিভা সমূহক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিকে ধৰি মুঠ ২৮ গৰাকী স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্টৰে গীত লিখি 'ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ'ৰ স্কীকৃতি লাভ কৰা ৰমেন বৰাক সাংবাদিক-গীতিকাৰ হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। পশ্চিম কলাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মন্দিৰা শইকীয়া বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰা সম্বৰ্ধনা অনুষ্ঠানটোত মিকিৰ বৰাচুক, আউনীবাৰী, উত্তৰ ডুবিয়া, পূৰ্বজ্যোতি নিগমকে ধৰি কেইবাটাও অঞ্চলৰ ৬২ গৰাকী বয়োজ্যেষ্ঠক মিকিৰ বৰাচুক ভৱানী যুৱক সংঘ আৰু সিমান্তিকা মইনা পাৰিজাতৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

গহপুৰ