গহপুৰৰ বিধায়ক উৎপল বৰাক ডঃ পূৰ্ণ নাৰায়ণ সিংহ স্মৃতি ৰাজনীতিক বঁটা প্ৰদান

অসমৰ প্রথিতযশা সংবাদ জগতৰ গৌৰৱ অৰ্জনকাৰী প্ৰাক্তন সাংসদ প্রয়াত ডঃ পূর্ণ নাৰায়ণ সিংহৰ নামত এইবাৰৰ পৰা ঘোষণা কৰা চলন্ত ৰাজনীতিক বঁটা গহপুৰৰ বিধায়ক উৎপল বৰাক প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গহপুৰঃ  ডঃ পূর্ণ নাৰায়ণ সিংহৰ বলিষ্ঠ কৰ্ম প্ৰেৰণাত অসমৰ উত্তৰ পাৰৰ তেজপুৰত গঢ় লৈ উঠা তিনিদিনীয়া আৰু সাপ্তাহিক মহাজাতি বাতৰি কাকতে সংবাদ জগতত উজ্বল নক্ষত্র হিচাবে আত্মপ্রকাশ কৰিছিল। সংবাদ সেৱাৰ জৰিয়তে মহাজাতি গোষ্ঠীয়ে সকলোৰে অন্তৰত সুকীয়া স্থান দখল কৰি অক্ষুন্ন ৰখা গৌৰৱময় যাত্রা নৱ-প্ৰজন্মৰ বাবে এক আদৰ্শ।

a15dffef-2da4-4f64-83c9-649f2c6e3864

সম্প্রতি মহাজাতি 24 Live Digital চেনেলৰ উদ্যোগত প্রথম বার্ষিক স্বনাম ধন্য অসমৰ প্রথিতযশা সংবাদ জগতৰ গৌৰৱ অৰ্জনকাৰী প্ৰাক্তন সাংসদ প্রয়াত ডঃ পূর্ণ নাৰায়ণ সিংহৰ নামত এইবাৰৰ পৰা ঘোষণা কৰা চলন্ত ৰাজনীতিক বঁটা গহপুৰৰ বিধায়ক উৎপল বৰাক প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাত মহাজাতি গোষ্ঠী আৰু 24 Live Digital চেনেলৰ অধ্যক্ষৰ লগতে স্বত্বাধিকাৰী ড০ পৰশমণি সিংহ, মহাজাতি Service Trust ৰ অধ্যক্ষা ৰঞ্জিতা সিংহ দত্ত, মুখ্য সম্পাদিকা মনিষা বৰা সিংহ আৰু উপদেষ্টা ভোলা বৰাক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক উৎপল বৰাই।

a15dffef-2da4-4f64-83c9-649f2c6e3864

উল্লেখ্য যে, মহাজাতি 24 Live Digital চেনেলৰ প্ৰথম বাৰ্ষিক বৰ্ষপূৰ্তি অনুষ্ঠান সাংস্কৃতিক নগৰী তেজপুৰত ৮ ডিচেম্বৰত অনুষ্ঠিত হৈছিল যদিও বিধায়ক উৎপল বৰা গুৱাহাটীত চৰকাৰী কাৰ্যসূচীত ব্যস্ত থকাৰ বাবে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। সেইবাবে শুক্ৰবাৰে বিধায়ক গৰাকীৰ কলাবাৰীৰ কোচ গাঁৱৰ বাসগৃহত স্বতাধিকাৰী ড° পৰশমণি সিংহ আৰু উপদেষ্টা ভোলা বৰা উপস্থিত হৈ বিধায়ক উৎপল বৰাক ডঃ পূৰ্ণ নাৰায়ণ সিংহ ৰাজনীতিক বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে।এনে উদগনি মূলক প্ৰাপ্তিত সমাজৰ হৈ অধিক তৎপৰতাৰে কাম কৰি যাবলৈ  উৎসাহিত কৰি তুলিব বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক উৎপল বৰাই।

গহপুৰ