/asomiyapratidin/media/media_files/2025/12/06/new-ap-web-11-11-24-new-2-2025-12-06-16-18-47.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ সমাগত ২৬ ৰ বিধানসভা নিৰ্বাচন। এই ২৬ৰ বিধান সভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নহয় বিপিএফৰ। গহপুৰত বিপিএফৰ বিজয় উৎসৱত অংশ গ্ৰহণ কৰি এই কথা স্পষ্ট কৰি দিলে বিটিচি ডেপুটি চিফ তথা বিপিএফৰ জেষ্ঠ নেতা ৰিহন দৈমাৰীয়ে ।তেওঁ লগতে কয়, বিটিচিৰ উন্নয়নৰ বাবে যিটো দলে বিধান সভাত সংখ্যা গৰিষ্ঠতা লাভ কৰিব ,যিটো দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব সেই দলৰ লগত বিপিএফ থাকিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-16-15-51.jpeg)
উল্লেখ্য যে, নিৰ্বাচনৰ আগত কোনো দলৰে বিপিএফৰ মিত্ৰতা নহয় বুলিও দৃঢ়তাৰে কয় দৈমাৰীয়ে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভতো তেওঁ মন্তব্য কৰি কয় যে, বৰ্তমানৰ জনজাতি সকলৰ ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে আপত্তি নাথাকিব। ইমানেই নহয় দৈমাৰীয়ে লগতে কয় বিটিচি সচিবালয় আক্ৰমনৰ ঘটনাৰ লগত এবছু আৰু ইউ পি পি এল জড়িত। তেওঁ অসম চৰকাৰক আক্ৰমণকাৰীৰ ওপৰত ব্যৱস্থা লবলৈ অনুৰোধ জনায় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/1-2025-12-06-16-16-12.jpeg)
প্ৰণিধানযোগ্য যে, গহপুৰৰ কৰৈ গুৰিত শুক্ৰবাৰে অনুষ্ঠিত বিপিএফৰৰ বিজয় উৎসৱত ধনশিৰি সমষ্টিৰ ইএম ফেচ মুচাহাৰী,অধ্যক্ষ ত্ৰিদিপ দৈমাৰীকে ধৰি বহু কেইজন বিপিএফৰ নেতা উপস্থিত থাকে। তেওঁলোকে মন্তব্য আগবঢ়োৱাও পৰিলক্ষিত হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us