/asomiyapratidin/media/media_files/2025/11/19/new-ap-web-2-30-2025-11-19-12-11-47.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ যুৱ ব্যৱসায়ী দিগন্ত বৰমুদৈ আৰু লাকী বৰাৰ যৌথ প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে । YUMPASS এটা আধুনিক অল-ইন-ৱান ডেলিভাৰী আৰু ঘৰ-সেৱা এপ।যাৰ মূল উদ্দেশ্য হৈছে স্থানীয় বিক্ৰেতাসকলক শক্তিশালী কৰা আৰু গ্ৰাহকৰ লগত ডিজিটেল মাধ্যমেৰে সংপৃক্ত কৰা।
উল্লেখ্য যে এই প্লেটফৰ্মে গ্ৰাহকক নিজৰ চাৰিওফালে থকা দোকান আৰু সেৱা প্ৰদানকাৰীৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে। স্থানীয় ব্যৱসায়সমূহৰ দ্ৰুত উন্নয়ন হয় আৰু গ্ৰাহক ৰাইজে সহজে খাদ্য, কেঁচা মাল, ঔষধ, সতেজ ফল-মূল, মাছ-মাংস আৰু ঘৰতে ছেলুন সেৱাও লাভ কৰিব পাৰে। YUMPASS ৰ লক্ষ্য হৈছে ঘৰতে থাকি স্থানীয় ব্যৱসায়ৰ সৈতে গ্ৰাহকৰ সংপৃক্ততা বৃদ্ধি কৰাৰ লগতে এটা উন্নত টেকনলজিৰ ব্যৱস্থা গঢ় দি আধুনিক ব্যৱস্থাৰে প্ৰযুক্তিৰ লগত আগবাঢ়ি যাব পৰা এটা অত্যাধুনিক ব্যৱস্থা এই YUMPASS এপ। য'ত থাকিব বিশ্বাস, সুবিধা আৰু প্ৰযুক্তিৰ উপযুক্ততা।
তাৰোপৰি গহপুৰৰ যুৱ ব্যৱসায়ী দিগন্ত বৰমুদৈ আৰু লাকী বৰাৰ বিশেষ প্ৰচেষ্টাত প্ৰাণ পাই উঠা এই YUMPASS এপটো সম্প্ৰতি ম'বাইলতো উপলব্ধ হৈছে।বিশ্বনাথ চাৰিআলিৰ হোটেল "লি পেলেচ"ত ইতিমধ্যে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পোৰপতি অমৰজ্যোতি বৰঠাকুৰে ইয়াৰ শুভাৰম্ভ কৰাৰ পিছত YUMPASS এপৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে বিশ্বনাথ জিলাত।ঘৰতে বহি স্থানীয় বানিজ্যিক জগতৰ সৈতে সংপৃক্ত হোৱাৰ এটা উপযুক্ত মাধ্যম হিচাপে বিবেচিত হৈছে এই YUMPASS এপ।
এই এপৰ জৰিয়তে গহণা আৰু সাজ-পাৰ বিক্ৰীৰ বাবেও সুবিধা আছে।এইক্ষেত্ৰত আগ্ৰহী গহণা আৰু সাজ-পাৰৰ ব্যৱসায়ীয়ে এই এপৰ সুবিধা গ্ৰহণ কৰিবলৈ দিগন্ত বৰমুদৈ বা লাকী বৰাৰ লগত যোগাযোগ কৰিব পাৰিব বুলিও উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us