/asomiyapratidin/media/media_files/2025/09/13/ujjj-2025-09-13-09-59-20.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ নগৰৰ মাজমজিয়াত থকা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ এচাৰিৰ কোবত গুৰুতৰ ভাবে আহত হৈছে এগৰাকী ছাত্র।ঘটনাটো যোৱা ১১ চেপ্তেম্বৰত সংঘটিত হৈছিল যদিও কালি সন্ধিয়াহে পোহৰলৈ আহে।অভিযোগ পোৱা মতে-বিদ্যালয়খনত কৰ্তৰত শিক্ষক কৃষ্ণ কান্ত পেগুৱে নৱম শ্ৰেণীৰ হেমন্ত দিহিঙীয়া নামৰ এগৰাকী ছাত্রক শ্ৰেণী কোঠাৰ ভিতৰত সামান্য কথাতে এচাৰিৰে উপযুপৰি প্ৰহাৰ কৰে।
দেহৰ সৰ্ব শক্তি প্ৰয়োগ কৰি শিক্ষকগৰাকীয়ে ছাত্র গৰাকীৰ কুমলীয়া দেহত অতি নিৰ্দয় ভাবে প্ৰহাৰ কৰাৰ ফলত ছাত্র গৰাকীৰ পিঠিৰ বিভিন্ন অংশ চেৰেলা চেৰেল হৈ পৰাৰ লগতে ফাটি তেজ ওলাই যায়।প্ৰথম অৱস্থাত ছাত্র গৰাকীয়ে এই বিষয়টো পিতৃ-মাতৃক কোৱা নাছিল যদিও ছাত্র গৰাকীৰ দেহত আঘাটৰ চিন আৰু বিভিন্ন স্থানত তেজ বিৰিঙি থকা দেখা পাই তেওঁক সোধাৰ পিছত সকলো কথা তেওঁ পিতৃ-মাতৃক কৈ দিয়ে।ইয়াৰ পিছতেই বিষয়টো ৰাজহুৱা হৈ পৰে।
শিক্ষক কৃষ্ণ কান্ত পেগুৱে পিঠি ফাটি তেজ ওলাই যোৱাকৈ ছাত্রগৰাকীক অতি নিৰ্দয় ভাবে প্ৰহাৰ কৰা ঘটনাটোৱে সমগ্ৰ গহপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে এই বিষয়টোৰ ওপৰত এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত,গহপুৰ সম জিলা আয়ুক্ত আৰু শোণিতপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে সচেতন ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।