গহপুৰত চোৰৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ আৰক্ষী...

গহপুৰত নিধিৰাম চৰ্দাৰৰ দৰে হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট আৰক্ষী।হেলমেট অবিহনে বাইক-স্কুটি চলোৱা চালকক জৰিমনা বিহাৰ বাহিৰে অপৰাধ নিয়ন্ত্ৰণত চুড়ান্ত ভাবে ব্যৰ্থ হৈছে গহপুৰ আৰক্ষী।

author-image
Asomiya Pratidin
New Update
ujjdd

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰত নিধিৰাম চৰ্দাৰৰ দৰে হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট আৰক্ষী।হেলমেট অবিহনে বাইক-স্কুটি চলোৱা চালকক জৰিমনা বিহাৰ বাহিৰে অপৰাধ নিয়ন্ত্ৰণত চুড়ান্ত ভাবে ব্যৰ্থ হৈছে গহপুৰ আৰক্ষী।গহপুৰ আৰক্ষীৰ নাকৰ তলতেই ধাৰাবাহিক ভাবে সংঘটিত হৈ থকা চুৰি কাণ্ডই গহপুৰ আৰক্ষীৰ ফোপোলা স্বৰূপ উন্মোচিত কৰি তুলিছে।

উল্লেখযোগ্য যে-গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গহপুৰ নগৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ পথৰ দাঁতিত ৰখাই থোৱা এখন বাহনৰ আইনা ভাঙি যোৱা ১৭ নবেম্বৰৰ দিনৰ প্ৰায় ২-১৫ বজাত নগদ ২ লাখ ৫৫ হাজাৰ টকা লৈ যোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বৃহস্পতিবাৰৰ নিশা গহপুৰ নগৰৰ চতিয়াচুকৰ এটা পৰিয়ালৰ আৰ চি চি ঘৰৰ দুৱাৰৰ তলা ভাঙি লৈ যায় সোণৰ আ-অলংকাৰ।

জানিব পৰামতে-গহপুৰ আৰক্ষী থানাৰ পৰা নাতি দূৰৈত অৱস্থিত গহপুৰ নগৰৰ চতিয়াচুক নিবাসী মাধৱ প্ৰতীম বৰুৱাই  তেওঁৰ পুৰণি গৃহ হাৱাজানৰ হিলৈপৰীয়া বড়ীলৈ পত্নীসহ ৰাস চাবলৈ বুলি গৈছিল।যোৱাৰ সময়ত আৰ চি চি ঘৰটোৰ দুৱাৰ খিৰিকী ভালদৰে বন্ধ কৰি যোৱাৰ লগতে প্ৰথমখন মূল লোৰ দুৱাৰৰ উপৰিও দ্বিতীয়খন কাঠৰ দুৱাৰত তলা মাৰি গৈছিল তেওঁলোক।কিন্তু চুবুৰীয়া এটা পৰিয়ালে নিশা প্ৰায় ১২ বজাত মাধৱ প্ৰতীম বৰুৱাৰ ঘৰটোৰ তলা ভঙাৰ শব্দ শুনি পোৱাত লগে লগে ফোন যোগে মাধৱ প্ৰতীম বৰুৱাক অৱগত কৰে চুবুৰীয়া পৰিয়ালটোৱে।ইয়াৰ পিছতে নিশা প্ৰায় ১২-৪৫ বজাত পত্নীসহ মাধৱ প্ৰতীম বৰুৱা আহি ঘৰ পায়হি।

সমসাময়িক ভাবে গহপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলো উপস্থিত হয় তেওঁলোকৰ বাসগৃহত।কিন্তু আৰক্ষী আৰু পত্নীসহ মাধৱ প্ৰতীম বৰুৱা ঘৰ আহি পোৱাৰ আগে আগে সোণৰ আ-অলংকাৰ লৈ পলায়ন কৰে চুৰি চক্ৰটোৱে।এইক্ষেত্ৰত মাধৱ প্ৰতীম বৰুৱাই জানিবলৈ দি কয় যে চোৰে মূল দুৱাৰ দুখনৰ তলা ভাঙি ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰাৰ লগতে গডৰেজৰ তলা ভাঙি গডৰেজটোত থকা সকলো সোণৰ আ-অলংকাৰ লৈ যায়।চুৰি চক্ৰটোৱে সোণৰ আ অলংকাৰৰ মাজৰ পৰা বাচি বাচি এৰি থৈ যায় কেঁচা সোণৰ গহনা সমূহ।মাধৱ প্ৰতীম বৰুৱাই জানিবলৈ দিয়া মতে চুৰি চক্ৰটোৱে প্ৰায় ৪ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ লৈ যায়।উল্লেখযোগ্য যে গহপুৰত অব্যাহত থকা এনেধৰণৰ ধাৰাবাহিক চুৰি কাণ্ডই স্থানীয় ৰাইজক গভীৰ নিৰাপত্তাহীনতাত ভোগোৱাৰ লগতে গহপুৰ আৰক্ষীৰ অস্তিত্বক লৈ প্ৰশ্ন উথাপন কৰিবলৈ বাধ্য হৈছে সচেতন ৰাইজে।

গহপুৰ