ডিজিটেল সংবাদ, গহপুৰঃ শিল্পকৰ্মৰে জীৱন জিনিছে গহপুৰৰ এটি পৰিয়ালে। কোৱা হয়, 'শিল্পৰ বিশ্বজনীন আবেগ আছে, শিল্পীয়ে মানুহৰ মনত আবেগৰ জোৱাৰ তোলে।' সঁচাকৈয়ে শিল্পৰ আবেগ আছে। শিল্পই গঢ়ে সমাজ, সভ্যতা, সংস্কৃতি। শিল্পীয়ে সমাজত অলংকাৰেৰে সৌন্দৰ্য বঢ়ায়। ৰূপ-ৰস-গন্ধৰে জীৱন্ত হয় সমাজ আৰু সংস্কৃতি। গহপুৰৰ এটি পৰিয়ালে সেই সত্তাৰে গঢ়িছে শৈল্পিক জীৱন কাঠামো। গহপুৰ নগৰৰ দাঁতিতে থকা চতিয়া চুকৰ সেই সংস্কৃতিবান পৰিয়াল আদৰ্শৰ সোপান হৈ সমাজত বিলাইছে শৈল্পীক ৰেঙনি।
গহপুৰ সমজিলাত সেই পৰিয়ালটোক চিনি নোপোৱা লোকেই নোলাব। হয় দ্বীপন দিহিঙীয়াৰ কথাই কোৱা হৈছে, তেওঁৰ সহধৰ্মিনী নমিতা আৰু ১২ বছৰীয়া লুইত দ্বীপনৰ কথাই এই প্ৰতিবেদনৰ জৰিয়তে অৱগত কৰিব বিচৰা হৈছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই আছে সেই পৰিয়ালটো। ৰং-তুলিকা, কেনভাচ আৰু এজাক শিশু, কিশোৰ-কিশোৰীৰ মাজত সদা ব্যস্ত পতি-পত্নী। লগত পুত্ৰ লুইত দ্বীপন। চাৰিওফালে শিল্পসত্তাৰে উজ্জীৱিত বাসগৃহ। বাসগৃহৰ চৌহদত 'মহিম দিহিঙীয়া চিত্ৰাংকন বিদ্যালয়' চমুকৈ 'এম ডি আৰ্ট স্কুল। ৰং-তুলিকা, শুভ্ৰ কেনভাচ, ৰিলিফ আৰু কাঠৰ টুকুৰা।
অজস্ৰ শিল্প কৰ্মৰে শ্ৰেণী কোঠা, ড্ৰয়িং ৰূম, আনকি চোতালখন সজীৱ। চতিয়া চুক নিবাসী বৰ্তমান প্ৰয়াত মহিম দিহিঙীয়া আৰু গোলাপী দিহিঙীয়াৰ সুযোগ্য সন্তান দ্বীপনে সৰুৰেপৰাই শিল্প সত্তাৰে নিজকে প্ৰতিষ্ঠা কৰিছে। ছাত্ৰাৱস্থাৰপৰাই ছবি, ভাস্কৰ্য এই শিল্পকলাৰ লগত একাত্ম হৈ গহপুৰত এক শৈল্পিক পৰিৱেশ গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। ছাত্র অৱস্থাৰ পৰাই আনুষ্ঠানিক শিক্ষাৰ লগতে চিত্র কলাৰ প্রতিও আকৃষ্ট হৈ ৰং-তুলিকাৰে জীৱন গঢ়িবলৈ আগবাঢ়ি আহিল।
তেওঁৰ যাদুকৰী হাতৰ পৰশত প্রাণ পাই উঠিল অলেখ শুভ্ৰ কেনভাচ, অলাগতীয়াল কাঠ-বাঁহৰ টুকুৰা।বিশেষকৈ গ্রাম্য সমাজৰ মেজাজ লুকাই থকা সহজ-সৰল তথা নিভাঁজ-চিকুন এই ছবিবোৰে শিল্প সত্তাক এক মাত্ৰা প্ৰদান কৰিছে। উল্লেখ্য যে সৰ্বভাৰতীয় সংগীত তথা সাংস্কৃতিক পৰিষদ, কলকাতাৰ পৰা ২০০৪ চনতে 'চিত্ৰৰত্ন' (এম ফাইন) উপাধি লাভ কৰি গহপুৰলৈ গৌৰৱ কঢ়িয়াই অনা এইগৰাকী চিত্ৰ শিল্পীয়ে ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ভালেসংখ্যক চিত্ৰ কৰ্মশালাত যোগদান কৰাৰ সুযোগ লাভ কৰি ঐতিহাসিক গহপুৰক ধন্য কৰিছে।
এম ডি আৰ্ট স্কুলৰ অধ্যক্ষ হিচাপে দায়িত্বত থকা এইগৰাকী শিল্পীয়ে ইতিমধ্যে 'ব্ৰকেন হাৰ্ট', অমেন ভিলেইজ', 'নেচাৰেল অমেন', 'ৱাটাৰ ফ্লাই গ'লট', লৰ্ট কৃষ্ণ', 'দ্য ৰেইন' আদি বিমূৰ্ত (abstract) শিল্পৰে অজস্ৰ পেইণ্টিং অংক কৰি সমাদৃত হোৱাৰ লগতে ভালেকেইখন পেইণ্টিং বিভিন্ন লোকে ক্ৰয় কৰি শিল্পীক সন্মানিত কৰিছে। ইয়াৰ উপৰি এইগৰাকী চিত্ৰ-ভাস্কৰ্য শিল্পীয়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, সুধাকণ্ঠ ভূপেন হাজৰিকা, সুভাষ চন্দ্ৰ বসু, কবিগুৰু ৰবীন্দ্ৰনাথ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাকে প্ৰমুখ্য কৰি শতাধিক প'ট্ৰেইট অংকন কৰাৰ লগতে বহুসংখ্যক ভাস্কৰ্য শিল্প (চিমেণ্ট, কাঠ), ৰিলিফ শিল্প, মুখা শিল্পৰে শিল্প জগতখন মহিয়ান কৰি তুলিছে। ঠিক সেইদৰে ২০১০ চনতে এগৰাকী চিত্ৰশিল্পীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
সহধৰ্মিনী নমিতা দিহিঙীয়াই এইগৰাকী শিল্পীৰ আঙুলিত ধৰি ৰং-তুলিকাৰে জীৱন গঢ়িবলৈ আৰম্ভ কৰে। ইতিমধ্যে কুৰিৰো অধিক বিমূৰ্ত ছবি অংকন কৰি চৰ্চিত হৈ পৰা নমিতাই মুখা শিল্প, অৰিগেমি শিল্পৰে এখন পৃথক আসন দখল কৰিবলৈ সক্ষম হৈছে। ঠিক সেইদৰে এই চিত্ৰ শিল্পী দম্পত্তীৰ সন্তান লুইত দ্বীপনেও আঁকিবলৈ আৰম্ভ কৰিছে প'ট্ৰেইট, এবষ্টেক পেইণ্টিং। সংবাদ মাধ্যম বিশেষকৈ নিউজ নৰ্থ আচাম' ৱেব পৰ্টেলৰ সৈতেও জড়িত হৈ পৰা দ্বীপন দিহিঙীয়াই গুৱাহাটীৰ বিভিন্ন স্থানৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, তেজপুৰ, কাজিৰঙা, নগাঁও, কলিয়াবৰ, বঙাইগাঁও আদিৰ লগতে নেপাল, কলকাতা, গংগা সাগৰ আদিত চিত্ৰ প্ৰদৰ্শনী আৰু কৰ্মশালাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছে।
২০০২ চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ড০ আম্বেদকাৰ ফেলোশ্বিপ এৱাৰ্ড লাভ কৰা এইগৰাকী শিল্পীক ২০১৯ চনত 'বাটৰ কেনভাচ শিল্প সাধনা বঁটা' প্ৰদান কৰা হয়। অসমৰ বিভিন্ন আলোচনী আৰু বাতৰি কাকতত চিত্ৰ শিল্পী সম্পৰ্কীয় নানা লেখা প্ৰকাশ পাই অহা দ্বীপন দিহিঙীয়াই প্ৰতিষ্ঠা কৰা 'এম ডি আৰ্ট স্কুল'ৰ ৰূপালী জয়ন্তী বৰ্ষ সমাগত। এই উপলক্ষেও এই পৰিয়ালটিয়ে হাতত লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। গহপুৰৰ এই পৰিয়ালটিৰ শৈল্পিক যাত্ৰাই সমাজক এক নতুন শিল্পসত্তাৰে উজ্জীৱিত কৰি তোলক। আমাৰ জৰিয়তেও ইংৰাজী নতুন বৰ্ষৰ প্ৰথম দিনটোতেই এই শৈল্পিক পৰিয়ালটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ।