/asomiyapratidin/media/media_files/2025/10/21/c0a3c5cc-f756-4af2-add6-347575c6e350-2025-10-21-09-01-21.jpeg)
ডিজিটেল সংবাদ,গহপুৰ: গহপুৰ নগৰৰ কুকুৰজান গাঁৱৰ ৰাধ্যেশ্যাম চাহু আৰু তেওঁলোকৰ পৰিয়ালৰ ১০২ নং পট্টা আৰু ৩০৩,৩০৬,৩১০,৩৪৯,৩৫৩ আৰু ৩৬৫ নং দাগৰ ৬০ বিঘা ১১ লোচা মাটি সম্পূৰ্ণ ভুল তথ্যৰে প্ৰস্তুত কৰা হুকুমৰ জৰিয়তে যে তেওঁলোকৰ নামজাৰি বাতিল কৰা হৈছিল সেই কথা এতিয়া চৰকাৰী তথ্যই প্ৰমাণ কৰি তুলিছে।বিশ্বনাথ জিলাৰ তদানীন্তন আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই ১৪/০৭/২০২৫ তাৰিখে জাৰি কৰা বি এল এছ-১৯/২০২৩/৬০ নম্বৰৰ হুকুমটোৰ জৰিয়তে উক্ত তপশীলৰ পৰা চাহু পৰিয়ালৰ পট্টাদাৰ ক্ৰমে শিৱচন তেলী, গোলাপচন তেলী, গোলাপ চন্দ্ৰ চাহু,কিচন প্ৰসাদ চাহু,বিজয় চাহু,ৰাধ্যেশ্যাম চাহু,ৰবীন চাহু,প্ৰবীণ চাহু,কেচেৰী চাহু আৰু নন্দ চাহুৰ নামজাৰি বাতিল কৰি কনধৰ আহোমৰ উত্তৰাধিকাৰীৰ নামত নথিভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে।
হুকুমটোত কোৱা হয় যে কুকৰজান গাঁৱৰ ১০২ নং পট্টাৰ উক্ত দাগৰ পট্টাদাৰ সকলে শুনানীৰ সময়ত কোনোধৰণৰ বৈধ্য নথি পত্ৰ দাখিল কৰিব নোৱাৰিলে।গতিকে উক্ত পট্টাদাৰ সকলৰ নামজাৰি নাকচ কৰি পুৰণি ৫০ নং পট্টাৰ প্ৰকৃত পট্টাদাৰ প্ৰয়াত কনধৰ আহোমৰ উত্তৰাধিকাৰী সুত্ৰে তেওঁৰ মৃত পুত্ৰ গোপাল গগৈৰ নামে নামজাৰি হৈ পুনৰ উত্তৰাধিকাৰী সুত্ৰে তেওঁৰ পুত্ৰ বলিন গগৈ, মিণ্টু গগৈ, দিলিপ গগৈ আৰু কনধৰ আহোমৰ পুত্ৰ বাবুল গগৈৰ নামে নামজাৰি কৰিবলৈ হুকুম দিয়ে।উক্ত হুকুমটো যোৱা ০৫/০৯/২০২৫ তাৰিখে গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনীষ ভড়ালীয়ে কোনো বাচ বিচাৰ নকৰাকৈ কাৰ্য্যকৰী কৰাৰ পিছত তোলপাৰ লাগে গহপুৰত।
উল্লেখযোগ্য যে-যিটো হুকুমৰ ভিত্তিত উক্ত নামজাৰি বাতিল কৰা হ'ল সেই হুকুমটো আছিল সম্পূৰ্ণ ভুল তথ্যৰে উদেশ্যপ্ৰণোদিত ভাবে প্ৰস্তুত কৰা এটা হুকুম।হুকুমটোত উল্লেখ কৰা ধৰণে কুকুৰজান গাঁৱৰ ১০২ পট্টাৰ পুৰণি পট্টা নম্বৰ ৫০ নহয়।সংগৃহীত চৰকাৰী তথ্যত উক্ত ১০২ নং পট্টাৰ পুৰণি পট্টা নম্বৰ ৫৯ বুলি স্পষ্ট হৈ আছে।মুনীন্দ্ৰ নাথ ঙাটেই চাহু পৰিয়ালক বিপদত পেলাবলৈকে যে সম্পূৰ্ণ চক্ৰান্তমূলকভাবে উক্ত হুকুমটো প্ৰস্তুত কৰি ইয়াক কাৰ্য্যকৰী কৰিলে সেয়া এতিয়া স্পষ্ট হৈ পৰিছে।যাৰ বাবে উক্ত ভুল তথ্য সন্নিবিষ্ট হুকুমটোৰ আলমত চক্ৰ বিষয়া মনীষ ভড়ালীয়ে চাহু পৰিয়ালৰ নামজাৰি কৰ্তন কৰাৰ পিছত কনধৰ আহোমৰ উত্তৰাধিকাৰী সকল উক্ত তপশীলৰ মাটিৰ দাবীদাৰ হোৱাৰ যুক্তি দৰ্শাবলৈ সুবিধা পোৱাৰ লগতে চাহু পৰিয়ালৰ মুকলি হৈ থকা ভূমিত বেদখল চলাবলৈ সাহস কৰিছে।
এই বিষয়টোৰ ওপৰত এক উচ্চ পৰ্য্যায়ৰ তদন্ত হ'লে সকলো কেলেংকাৰী জলজল পটপট হৈ পৰাতো এশ শতাংশ নিশ্চিত বুলি দাবী কৰিছে চাহু পৰিয়ালে।উল্লেখযোগ্য যে কুকুৰজান গাঁৱৰ ৫১ নং ম্যাদী পট্টাৰ পুৰণি পট্টা নম্বৰ ৫০ ক সম্পূৰ্ণ নীতিবিৰূদ্ধভাবে ১০২ নং পট্টাৰ পুৰণি পট্টা নম্বৰ বুলি উক্ত হুকুমটোত সংগতি বিহীন ভাবে লিপিবদ্ধ কৰি ভীষণ সমস্যাত পেলাইছে চাহু পৰিয়ালক।মুনীন্দ্ৰ নাথ ঙাটেই উক্ত অনিয়ম সংঘটিত কৰাৰ আঁৰত কি ৰহস্য লুকাই আছে সেয়া হৈ পৰিছে লাখটকীয়া প্ৰশ্ন।উল্লেখযোগ্য যে-চাহু পৰিয়ালৰ কুকুৰজান গাঁৱৰ ১০২ নং পট্টাৰ তপশীলৰ মাটিৰ কোনো ধৰণৰ গোচৰ কিম্বা শুনানী চলা বিশ্বনাথ জিলা আয়ুক্তৰ আদালতত।
তেনেক্ষেত্ৰত গোচৰ নথকা মাটিৰ তপশীলৰ বিপৰীতে নামজাৰি বাতিলৰ হুকুম দিয়া কাৰ্য্যই চকু কপালত তুলিছে সচেতন ৰাইজৰ।জানিব পৰামতে-ৰাধেশ্যাম চাহুৰ বৰদেউতাকৰ পুত্ৰ জগদীশ চাহু,অমৃত চাহু,চন্দ্ৰ চাহু আৰু দুৰ্গা চাহুৰ নামত থকা কুকৰজান গাঁৱৰ ৫১ নং ম্যাদী পট্টাৰ ৩৪৮ নং দাগ(পুৰণি পট্টা নম্বৰ ৫০,দাগ নম্বৰ ১৮৮)ৰ আঠ বিঘা শালিতলি মাটিৰহে বিবাদৰ এটা গোচৰ চলি আছিল বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্য্যলয়ত।বিবাদ চলি থকা এইখিনি মাটিৰহে পুৰণি পট্টাদাৰ কনধৰ আহোম।
মুনীন্দ্ৰ নাথ ঙাটেই হুকুমটোত উল্লেখ কৰাৰ ধৰণে উক্ত তপশীলৰ ১০২ নং পট্টাৰ পুৰণি পট্টাদাৰ কনধৰ আহোম নহয়।চৰকাৰী তথ্য মতে কুকুৰজান গাঁৱৰ ১০২ নং পট্টাৰ পুৰণি ৫৯ পট্টাতো উক্ত চাহু পৰিয়ালৰ নাম সন্নিবিষ্ট হৈ থকাৰ চৰকাৰী তথ্য সদৰ ড্ৰাফ ছিঠা জমাবন্দীত পৰিস্কাৰ ভাবে লিপিবদ্ধ হৈ আছে।উল্লেখযোগ্য যে-কুকুৰজান গাঁৱৰ ১০২ নং পট্টাৰ উক্ত তপশীলৰ মাটি চাহু পৰিয়ালে কোনো ব্যক্তিৰ পৰা ক্ৰয় কৰা মাটি নহয়।পুৰণি ৫৯ নং পট্টা চলি থকাৰ পৰাই বংশানুক্ৰম অনুসৰি তেওঁলোকৰ নামত নামজাৰি চলি আহিছে উক্ত মাটিৰ।তদুপৰি সেই সময়ৰ অবিভক্ত শোণিতপুৰ জিলাৰ জিলা প্ৰাধিকাৰী ও চেটেলমেণ্ট অফিচাৰে ১৯৭৬ চনত হোৱা ভূমি বন্দবস্তীৰ সময়ত উক্ত তপশীলৰ মাটিৰ ১০২(নতুন) নং খেৰাজ ম্যাদী পট্টা প্ৰদান কৰিছিল চাহু পৰিয়ালক।