পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৃষ্ণ কান্ত হাজৰিকাৰ বিদায় সম্বৰ্ধনা...

গহপুৰ সমজিলাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কৃষ্ণ কান্ত হাজৰিকাক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।জীৱনৰ ২৯ টা

author-image
Asomiya Pratidin
New Update
DDDDDDDDDDA

ডিজিটেল সংবাদ, গহপুৰ: গহপুৰ সমজিলাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কৃষ্ণ কান্ত হাজৰিকাক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।জীৱনৰ ২৯ টা বছৰ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়োৱা কৃষ্ণ কান্ত হাজৰিকা এগৰাকী সৎ আৰু কৰ্তব্যনিষ্ঠা শিক্ষক হিচাপে পৰিচিত আছিল।

বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক উন্নয়নৰ বাবে আহোপুৰুষাৰ্থ কৰা গহপুৰ মহকুমা ভিত্তিত কৃতী শিক্ষকৰ সন্মানেৰে সন্মানিত কৃষ্ণ কান্ত হাজৰিকাই চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত আজি তেওঁক আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে।সেই উপলক্ষে বিদ্যালয়খনৰ অধ্যক্ষ কমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনা সভাখনত তেওঁক ফুলাম গামোচা,শৰাই,সম্বৰ্ধনা পত্ৰ,কিতাপৰ টোপোলাৰে বিদায় সম্বৰ্ধনা জনোৱা হয়।

উলেখ্য যে শিক্ষক কৃষ্ণ কান্ত হাজৰিকাই ১৯৯৬ চনত বিদ্যালয়খনত শিক্ষক হিচাপে যোগদান কৰাৰ পিছত সুদীৰ্ঘ দিন নিষ্ঠাৰে আগবঢ়োৱা শৈক্ষিক সেৱাৰ পিছত যোৱা ৩০ অক্টোবৰত চৰকাৰী ভাবে অৱসৰ গ্ৰহণ কৰে।বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি বিদায়ী শিক্ষক কৃষ্ণ কান্ত হাজৰিকাই উপস্থিত সকলোৰে আদৰ মৰম দেখি আবেগিক হৈ পৰে।লগতে বিদ্যালয়খনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে।

গহপুৰ