/asomiyapratidin/media/media_files/2025/11/02/roiidd-2025-11-02-12-27-03.jpg)
ডিজিটেল সংবাদ, গহপুৰ: সংগীত জগতৰ উজ্বল নক্ষত্ৰ তথা বহু প্ৰতিভাৰ আকৰ, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে অভিনয় কৰা অন্তীম খন কথাছবি 'ৰৈ ৰৈ বিনালে' মুক্তিৰ পুৰ্বে আৰু মুক্তিৰ পাছত গঢ়িলে অভিলেখ। কিন্তু প্ৰথম অসমীয়া কথাছবি 'জয়মতী'ৰ নিৰ্মাণস্থলী গহপুৰৰ ৰাইজে প্ৰিয় শিল্পী গৰাকীয়ে অভিনয় কৰা অন্তিম কথাছবিখন চাবলৈ ঢাপলি মেলিব লগা হৈছে অন্য ঠাইলৈ।
উল্লেখ্য যে সুন্দৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অতি সীমিত সা-সুবিধাৰ মাজেৰেই ১৯৩৪ চনত গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰিছিল অসমৰ প্ৰথমটো ষ্টুডিঅ' চিত্ৰবন। ১৯৩৪ আৰু ১৯৩৫ চনত কেৱল চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰাই নহয় জ্যোতি প্ৰসাদ আগৰৱালাই ভোলাগুৰি চাহ বাগিচাৰ আশে পাশে চিত্ৰগ্ৰহণ কৰিছিল জয়মতী কথাছবিৰ।
লগতে ভোলাগুৰি চাহ বাগিচাৰ কলঘৰৰ পাছফালে থকা ফৰ্মেটিং ৰুমটোক শীত তাপ নিয়ন্ত্ৰিত কৰি কথাছবি খনৰ কেঁচা ফ্লিমবোৰ ৰাখি চিত্ৰগ্ৰহণ সম্পুৰ্ণ কৰিছিল। কিন্তু অতি দুখৰ বিষয় যে প্ৰথম অসমীয়া কথাছবি নিৰ্মাণৰ গৰিমাৰে মহিমামণ্ডিত গহপুৰত বৰ্তমান নাই কোনো ছবিগৃহ। অসমীয়াৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ অভিনীত অন্তিম খন কথাছবি চাবলৈ গহপুৰবাসী ঢাপলি মেলিব লগা হৈছে বিশ্বনাথ চাৰিআলি অথবা লক্ষিমপুৰ জিলালৈ।
প্ৰথম অসমীয়া কথাছবিৰ নিৰ্মাণস্থলীৰ ৰাইজৰ বাবে ইয়াতকৈ দুখজনক কথা কি হ'ব পাৰে ? য'ত অসমীয়া ছবিৰ জন্ম হৈছিল সেই ঐতিহাসিক ঠাইৰ লোকসকলে এখন ছবি উপভোগ কৰিবলৈ ঢাপলি মেলিব লগা হৈছে দূৰ দূৰণিলৈ। জয়মতী কথাছবিৰ নিৰ্মাণৰ সেই তাহানিৰ ঐতিহাসিক দিন আৰু আজিৰ অভিলেষ সৃষ্টিকাৰী কথাছবি ৰৈ ৰৈ বিনালে উপভোগ কৰাৰ ক্ষেত্ৰত গহপুৰবাসীৰ সৌভাৰ্গ্য আৰু দুৰ্ভাগ্যক গহপুৰৰ কোনো সংস্কৃতিবান লোকে উপলব্ধি কৰিবনে?
ভোলাগুৰিত নিৰ্মাণ হ'ব লগা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অগ্ৰগতিৰ বুজ ল'বলৈ গহপুৰ উপস্থিত হোৱা অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী পীয়ূষ হাজৰিকাক গহপুৰৰ সাংবাদিকে ছবিঘৰ এটা নিৰ্মাণৰ বাবে চৰকাৰলৈ জনাইছিল যদিও মন্ত্ৰীগৰাকীয়ে কয় চৰকাৰে ছবিঘৰ নবনায়। যদি কোনো লোকে ছবিঘৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহে তেতিয়া চৰকাৰে কিছু পৰিমানে সহযোগিতা আগবঢ়াব। এতিয়া প্ৰশ্ন হৈছে গহপুৰত ছবিঘৰ নিৰ্মাণ কৰিবলৈ কোনো অৰ্থবান তথা সংস্কৃতিবান লোক আগবাঢ়ি আহিবনে?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us