গহপুৰত সকলো সাংবাদিক যাব নোৱাৰে কংগ্ৰেছৰ অনুষ্ঠানলৈ...

একেৰাহে ১৫ বছৰ কংগ্ৰেছৰ দখলত থকা গহপুৰ বিধান সভা সমষ্টিত কংগ্ৰেছ দলটোৱে হেৰুৱা মৰ্য্যদা ঘূৰাই আনিবলৈ বিভিন্ন ৰণ কৌশল তৈয়াৰ কৰাৰ বিপৰীতে এতিয়া লবী ৰাজনীতিত বিভক্ত হৈ পৰিছে দলটোৰ মুধাফুটা নেতা সকল।অপ্ৰিয় হ'লেও সত্য

author-image
Asomiya Pratidin
New Update
dddaas

ডিজিটেল সংবাদ, গহপুৰ: একেৰাহে ১৫ বছৰ কংগ্ৰেছৰ দখলত থকা গহপুৰ বিধান সভা সমষ্টিত কংগ্ৰেছ দলটোৱে হেৰুৱা মৰ্য্যদা ঘূৰাই আনিবলৈ বিভিন্ন ৰণ কৌশল তৈয়াৰ কৰাৰ বিপৰীতে এতিয়া লবী ৰাজনীতিত বিভক্ত হৈ পৰিছে দলটোৰ মুধাফুটা নেতা সকল।অপ্ৰিয় হ'লেও সত্য যে গহপুৰ কংগ্ৰেছত এতিয়া কেইবাটাও লবী।এই লবী ৰাজনীতিৰ বাবে গহপুৰত কংগ্ৰেছৰ সাংগঠনিক ভেটি মজবুত কৰি তুলিব পৰা নাই।

ইপিনে দুই এক প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে নিজকে ভাবী এম এলৰ দৰে জ্ঞান কৰি এতিয়াই মানুহ চিনি নোপোৱাৰ দৰে আচৰণ কৰিবলৈ লৈছে।এক কথাত জন সম্পৰ্ক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত গহপুৰ কংগ্ৰেছে গুৰুত্ব দিয়াৰ পৰিবৰ্তে লবী ৰাজনীতিৰ ওপৰতহে গুৰুত্ব দিয়া বুলি ৰাজনৈতিক পৰ্য্যবেক্ষক সকলৰ মাজত চৰ্চা চলিছে।আনহে নালাগে গহপুৰৰ সাংবাদিকক বিভিন্ন অনুষ্ঠান আৰু সভা-সমিতিলৈ নিমন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো ভাগ ভাগ কৰিছে গহপুৰ কংগ্ৰেছে।

উল্লেখযোগ্য যে-গহপুৰ কংগ্ৰেছ আজি কালি বিভিন্ন সভা সমিতিলৈ নিৰ্বাচিত বছা বছা সাংবাদিকহে নিমন্ত্ৰণ কৰে কংগ্ৰেছৰ নেতৃত্বই।আজি কনকলতা ভৱনত অনুষ্ঠিত আদৰণি আৰু যোগদান সভালৈও বছা বছা একাংশ নিৰ্বাচিত সাংবাদিককহে নিমন্ত্ৰণ জনায় গহপুৰ কংগ্ৰেছৰ নেতৃত্বই।যাৰ বাবে গহপুৰৰ একাংশ সাংবাদিকৰ মাজত এই বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গহপুৰ কংগ্ৰেছত এতিয়া একাংশ মদগৰ্বী আৰু অহংকাৰী নেতাই চানি ধৰা বাবেই সাংবাদিকৰ মাজত ভাগ ভাগ কৰা বুলি সচেতন ৰাইজৰ মাজত চৰ্চা চলা পৰিলক্ষিত হৈছে।

অসম প্ৰদেশ কংগ্ৰেছ