/asomiyapratidin/media/media_files/2025/11/04/ujjjd-2025-11-04-23-51-48.jpg)
ডিজিটেল সংবাদ, গহপুৰ: গহপুৰ সমজিলাৰ হেলেম মৌজাৰ অন্তৰ্গত আমতলাবড়ি নিবাসী ভাস্কৰ জ্যোতি বৰা(৫১)ৰ আজি সন্ধিয়া প্ৰায় ৫-১৫ বজাত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জালুকবাৰী গাঁও পঞ্চায়তৰ গাণনিক সহায়ক হিচাপে কৰ্মৰত ভাস্কৰ জ্যোতি বৰা যোৱা ১১ চেপ্তেম্বৰৰ সন্ধিয়া প্ৰায় ৬-৩০ বজাত চন্দামাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক মটৰ চাইকেল দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছিল।
ইয়াৰ পিছত তেওঁক প্ৰথমে গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত সেইদিনা লগে লগে লৈ যোৱা হৈছিল তেজপুৰৰ ডৰিকা হস্পিতাললৈ।পৰবৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ বেলতলাত থকা ড্ৰিমছ হস্পিতাল আৰু পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হয় তেওঁক।পৰিয়ালৰ লোকে এমাহতকৈ অধিক সময় ব্যয়বহুল চিকিৎসা কৰিও স্বাস্থ্যৰ কোনো উন্নতি নঘটিল ভাস্কৰ জ্যোতি বৰাৰ।
ফলত আজি সন্ধিয়া চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চিউ ত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।অঞ্চলটোৰ এগৰাকী সৰবৰহী যুৱক ভাস্কৰ জ্যোতি বৰাৰ অকাল বিয়োগত সমগ্ৰ হেলেম অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী পুত্ৰ,এগৰাকী কন্যা, তিনিগৰাকী ভাতৃ, দুগৰাকী নবৌয়েক,দুগৰাকী ভগ্নী,দুগৰাকী জোঁৱাইৰ লগতে বহুত আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us